কাছাৰ, ৩০ মাৰ্চ (হি.স.)। কাছাৰৰ ধলাইত সোণৰ বিস্কুট সহ তিনি জন লোকক আটক কৰা হৈছে। ধলাইৰ ৰাংগাউটিৰ পৰা জব্দ কৰা হৈছে ৬ খন সোণৰ বিস্কুট। জব্দ কৰা সোণৰ বিস্কুট কেইখনৰ ওজন ৯৪৯ গ্ৰাম । জব্দ কৰা সোণ খিনিৰ মুল্য কেইবা লাখ টকা হব বুলি ধাৰণা কৰা হৈছে।
ইফালে এই সোণৰ সৈতে এগৰাকী মহিলা সহ তিনি গৰাকী মিজো লোকক আটক কৰা হৈছে। থাংমিংগা, ৰেমলালং হেকা আৰু লালানুন পুই নামৰ। ধৃত তিনিও জনৰ ঘৰ মিজোৰামৰ আইজলত। সোণখিনি ম্যানমাৰৰ পৰা মিজোৰাম হৈ কাছাৰত বিক্ৰীৰ বাবে অনা হৈছিল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা