গোলাঘাটত বন আৰক্ষীৰ গোপন অনুসন্ধানত বৃহৎ পৰিমাণৰ কাঠ জব্দ
গোলাঘাটত বন আৰক্ষীৰ গোপন অনুসন্ধানত বৃহৎ পৰিমাণৰ কাঠ জব্দ।
গোলাঘাটত বন আৰক্ষীৰ গোপন অনুসন্ধানত বৃহৎ পৰিমাণৰ কাঠ জব্দ


গোলাঘাট, ২৯ মাৰ্চ (হি.স.): গোলাঘাটৰ দক্ষিণহেঙ্গেৰাৰ পৰা অবৈধ কাঠ মজুত ৰখাৰ অভিযোগত যোৱাকালি বিয়লি বাবুল আলি নামৰ ব্যক্তি জনক বন বিভাগে আটক কৰে। গোলাঘাট আঞ্চলিক বন বিভাগে গোপন সূত্ৰৰ পম খেদি প্ৰায় দুই লাখ মুল্যৰ কাঠ সমূহ জব্দ কৰে।

নিজৰ ঘৰতে অবৈধ ভাৱে দোকান খুলি কাঠৰ ব্যৱসায় চলাই আহিছিল ব্যক্তি জনে। বহু দিনৰ পৰা গোলাঘাটৰ বিভিন্ন স্থানৰ পৰা অবৈধ ভাৱে কাঠ সমূহ সংগ্ৰহ কৰি উক্ত ব্যৱসায় চলাই আনিছে বুলি জানিব পৰা গৈছে। এতিয়া বন আৰক্ষীৰ তদন্তৰ পাছতহে উক্ত কাঠ সমূহ কেনেদৰে ক'ৰ পৰা সংগ্ৰহ কৰিছিল প্ৰকৃত তথ্য পোহৰলৈ আহিব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande