জাগীৰোডৰ জ্যোতিকুছিত দিন-দুপৰতে চোৰৰ লুট-পাত
জাগীৰোডৰ জ্যোতিকুছিত দিন-দুপৰতে চোৰৰ লুট-পাত
জাগীৰোডৰ জ্যোতিকুছিত দিন-দুপৰতে চোৰৰ লুট-পাত


জাগীৰোডৰ জ্যোতিকুছিত দিন-দুপৰতে চোৰৰ লুট-পাত


মৰিগাঁও, ২৯ মাৰ্চ (হি.স.)। জাগীৰোডত দিন দুপৰতে সংঘটিত হয় চুৰি কাণ্ডৰ ঘটনা। জাগীৰোডৰ জ্যোতি কুছিৰ নিপন বৰা নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই চুৰিৰ ঘটনা। দিন দুপৰতে ঘৰত কোনো লোক নথকাৰ সুযোগ লৈ চোৰে লুটি লৈ যায় নগদ ধন সহ সোনৰ আ-অলংকাৰ।

উল্লেখ্য যে দুপৰীয়া ভাগত ঘৰৰ পিছফালৰ দুৱাৰৰ তলা ভাঙি ঘৰত প্ৰবেশ কৰে চোৰ আৰু আলমাৰিৰ লক ভাঙি লুটি লৈ যায় সোণৰ আ-অলংকাৰ। পৰৱৰ্তী পৰ্যায়ত গৃহস্থ ঘৰত প্ৰৱেশ কৰাৰ লগে লগে সমগ্ৰ ঘটনা পোহৰলৈ আহে আৰু তাৎক্ষণিক ভাৱে আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ আৰু তদন্ত আৰম্ভ কৰে।

---------------

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande