কাঠমাণ্ডু, ২৯ মাৰ্চ (হি.স.)। নেপালৰ ৰাজধানী কাঠমাণ্ডুত শুকুৰবাৰে ৰাজতন্ত্ৰ পুনৰুদ্ধাৰৰ দাবীত আযোজিত হিংসাত্মক বিক্ষোভৰ সময়ত সংবাদ মাধ্যমৰ ব্যক্তি সুৰেশ ৰজকক হত্যা কৰাৰ লগতে একাংশ সংবাদ মাধ্যমৰ ঘৰত আক্ৰমণৰ বিৰুদ্ধে শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে নেপাল সাংবাদিক ফেডাৰেচনে।
আজি পুৱা মৈতঘৰত নেপাল সাংবাদিক ফেডাৰেচনৰ নেতৃত্বত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই সময়ত সাংবাদিক ৰজকৰ দুৰ্ভাগ্যজনক মৃত্যুত শোক প্ৰকাশ কৰাৰ সমান্তৰালকৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। লগতে এই ঘটনাৰ সত্যতা জানিবলৈ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰা হৈছিল। সাংবাদিকসকলে এই ঘটনাৰ দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে। সুৰেশ ৰজক আছিল এভিনিউজ টেলিভিছনৰ কেমেৰামেন। কাঠমাণ্ডুৰ টেংকুনেৰ এটা অট্টালিকাৰ ভিতৰত জ্বলাই দিয়া হয়।
নেপাল সাংবাদিক ফেডাৰেচনৰ ভাৰপ্ৰাপ্ত সভাপতি দীপক আচাৰ্যই কয় যে প্ৰয়াত সাংবাদিক ৰজকৰ ন্যায় পাবলৈ ফেডাৰেচনে কাম কৰিব। লগতে সাংবাদিকৰ জীৱন-সম্পত্তি ৰক্ষাৰ বাবে সকলো সাংবাদিক একত্ৰিত হ’ব লাগে বুলিও তেওঁ জোৰ দিয়ে। এই প্ৰতিবাদী কাৰ্যসূচীত ফেডাৰেচনৰ প্ৰাক্তন সভাপতি তৰানাথ দাহাল, ধৰ্মেন্দ্ৰ ঝা, শিৱ গৌণলেৰ লগতে অন্যান্য সাংবাদিকসকল উপস্থিত থাকে।
উল্লেখযোগ্য যে প্ৰতিবাদকাৰীসকলে অন্নপূৰ্ণা মিডিয়া হাউছ আৰু কান্তীপুৰ টেলিভিছনৰ কাৰ্যালয়ত শিলগুটি নিক্ষেপ কৰিছিল। এই দুয়োটা মিডিয়া হাউচত জুই লগাবলৈও চেষ্টা চলাইছিল যদিও সময়মতে নিৰাপত্তা বাহিনীৰ আগমনৰ বাবে এক বৃহৎ দুৰ্ঘটনা ৰোধ কৰা হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া