বিমষ্টেক সন্মিলনৰ সময়ত বেংককত বৈঠকত মিলিত হ’ব মোডী আৰু অলি
কাঠমাণ্ডু, ০১ এপ্ৰিল (হি.স.)। থাইলেণ্ডৰ ৰাজধানী বেংককত অহা ৪-৫ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বিমষ্টেক (বে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি-ছেক্টৰেল টেকনিকেল এণ্ড ইকনমিক ক’অপাৰেশ্যন) শীৰ্ষ সন্মিলনৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু নেপালৰ প্ৰধানম
নিউয়ৰ্কত মোডী–অলিৰ সাক্ষাতৰ ফটো


কাঠমাণ্ডু, ০১ এপ্ৰিল (হি.স.)। থাইলেণ্ডৰ ৰাজধানী বেংককত অহা ৪-৫ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বিমষ্টেক (বে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি-ছেক্টৰেল টেকনিকেল এণ্ড ইকনমিক ক’অপাৰেশ্যন) শীৰ্ষ সন্মিলনৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ মাজত এখন পাৰ্শ্বৱৰ্তী বৈঠকৰ দিন ধাৰ্য কৰা হৈছে। এই সন্মিলনৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অহা ৩ এপ্ৰিলত বেংককত উপস্থিত হোৱাৰ বিপৰীতে নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে মঙলবাৰে কাঠমাণ্ডুৰ পৰা ৰাওনা হ’ব।

বিমষ্টেকৰ সকলো সদস্য দেশৰ ৰাষ্ট্ৰ প্ৰধান বাবে যোৱা ৩ এপ্ৰিলত থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে ৰাজকীয় ভোজৰ আয়োজন কৰিছে। ইয়াত সকলোৰে মাজত এখন অনানুষ্ঠানিক বৈঠক হ’বলৈ গৈ আছে। থাইলেণ্ডত থকা নেপালৰ ৰাষ্ট্ৰদূত ধন বাহাদুৰ ৱালীয়ে কয় যে যোৱা ৪ এপ্ৰিলৰ পুৱা নেপালৰ প্ৰধানমন্ত্ৰী অলি আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীৰ মাজত এক পাৰ্শ্বৱৰ্তী বৈঠকৰ দিন ধাৰ্য কৰা হৈছে।

ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে অলিৰ এয়া দ্বিতীয়খন পাৰ্শ্বৱৰ্তী বৈঠক। ইয়াৰ পূৰ্বে ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত আমেৰিকাৰ নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সময়ত দুয়োৰে মাজত এক পাৰ্শ্বৱৰ্তী বৈঠক হৈছিল। ইয়াৰ পিছত এই বৈঠক এতিয়া বেংককত হ’বলৈ গৈ আছে। প্ৰধানমন্ত্ৰী হোৱাৰ আঠ মাহৰ পাছতো অলিয়ে এতিয়াও আনুষ্ঠানিকভাৱে ভাৰত ভ্ৰমণ কৰিব পৰা নাই।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande