ইজৰাইলৰ গাজাত বোমা নিক্ষেপ, ৯ জন নিহত
গাজাপট্টী, ৩১ মাৰ্চ (হি.স.)। গাজাত ইজৰাইলৰ নিৰাপত্তা বাহিনীৰ শেহতীয়া বোমা বিস্ফোৰণত কমেও ৯ জন লোক নিহত হৈছে। ইফালে পেলেষ্টাইন ৰেড ক্ৰেচেণ্ট ছ’চাইটিয়ে ১৫ জন জৰুৰীকালীন কৰ্মীৰ মৃতদেহ উদ্ধাৰ কৰিছে। এসপ্তাহ পূৰ্বে দক্ষিণ গাজাৰ ৰাফাহৰ ওচৰত তেওঁলোকৰ বাহন
গাজা


গাজাপট্টী, ৩১ মাৰ্চ (হি.স.)। গাজাত ইজৰাইলৰ নিৰাপত্তা বাহিনীৰ শেহতীয়া বোমা বিস্ফোৰণত কমেও ৯ জন লোক নিহত হৈছে। ইফালে পেলেষ্টাইন ৰেড ক্ৰেচেণ্ট ছ’চাইটিয়ে ১৫ জন জৰুৰীকালীন কৰ্মীৰ মৃতদেহ উদ্ধাৰ কৰিছে। এসপ্তাহ পূৰ্বে দক্ষিণ গাজাৰ ৰাফাহৰ ওচৰত তেওঁলোকৰ বাহনসমূহৰ ওপৰত গুলীচালনা কৰা হৈছিল।

এই তথ্য আল জাজিৰা নিউজ চেনেলৰ বাতৰিত দিয়া হৈছে। খবৰ অনুসৰি ইজৰাইলৰ নিৰাপত্তা বাহিনীয়ে সোমবাৰেও এই আক্ৰমণ অব্যাহত ৰাখিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কয় যে যুদ্ধবিৰতিৰ বাবে হামাছে অস্ত্ৰ-শস্ত্ৰ ৰাখিব লাগিব। তেওঁ নিজৰ যোদ্ধাসকলক গাজাৰ পৰা আঁতৰাই নিব লাগে। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, ইজৰাইলৰ যুদ্ধত কমেও ৫০,২৭৭ জন পেলেষ্টাইনী নিহত আৰু ১,১৪,০৯৫ জন আহত হোৱা নিশ্চিত হৈছে।

গাজাৰ ৰাজ্যিক সংবাদ মাধ্যমৰ কাৰ্যালয়ে শেষবাৰৰ বাবে প্ৰায় দুমাহ পূৰ্বে মৃত্যুৰ সংখ্যা ৬১,৭০০ৰো অধিক বুলি প্ৰকাশ কৰিছিল। ২০২৩ চনৰ ৭ অক্টোবৰত হামাছৰ নেতৃত্বত চলোৱা আক্ৰমণৰ সময়ত ইজৰাইলত কমেও ১১৩৯ জন লোক নিহত হোৱাৰ লগতে ২০০ৰো অধিক লোকক বন্দী কৰা হৈছিল। তেতিয়াৰ পৰা গাজা পট্টীত ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ চলি আহিছে। হামাছে আজি কয় যে ইজৰাইলী বাহিনীয়ে ঈদ আল-ফিতৰৰ দিনা সমগ্ৰ গাজাত বোমা বিস্ফোৰণ কৰিছে। হামাছৰ বিবৃতিত কোৱা হৈছে যে ঈদ আল-ফিতৰৰ প্ৰথম দিনটোত সংঘটিত আক্ৰমণত কেইবা ডজন লোক নিহত হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande