সুনীতা উইলিয়ামছ আৰু বুচ উইলমৰৰ স্পেচএক্সক ধন্যবাদ, কয় – আমি পৃথিৱীৰ বায়ুমণ্ডলৰ লগত খাপ খুৱাবলৈ চেষ্টা কৰিছো
-সুনিতা উইলিয়ামছ আৰু বুচ উইলমৰ মহাকাশৰ পৰা উভতি অহাৰ পিছত প্ৰথম সংবাদমেল -সুনিতা উইলিয়ামছ আৰু বুচ উইলমৰে মহাকাশত ২৮৬ দিন কটোৱাৰ পিছত পৃথিৱীলৈ উভতি আহিল হিউষ্টন, ০১ এপ্ৰিল (হি.স.)। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ মাত্ৰ আঠ দিনৰ অভিযানৰ
स्पेस से लौटने पर सुनीता विलियम्स और बुच विलमोर की पहली प्रेस कॉन्फ्रेंस


-সুনিতা উইলিয়ামছ আৰু বুচ উইলমৰ মহাকাশৰ পৰা উভতি অহাৰ পিছত প্ৰথম সংবাদমেল

-সুনিতা উইলিয়ামছ আৰু বুচ উইলমৰে মহাকাশত ২৮৬ দিন কটোৱাৰ পিছত পৃথিৱীলৈ উভতি আহিল

হিউষ্টন, ০১ এপ্ৰিল (হি.স.)। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ মাত্ৰ আঠ দিনৰ অভিযানৰ বাবে যোৱা নাছাৰ প্ৰবীণ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰ ২৮৬ দিনৰ পাছত পৃথিৱীলৈ উভতি আহে। ১৮ মাৰ্চত স্পেচএক্স ক্ৰু ড্ৰেগন মহাকাশযানৰ জৰিয়তে তেওঁলোক সফলতাৰে উভতি আহিছিল। মাৰ্চ মাহৰ আৰম্ভণিতে পৃথিৱীলৈ উভতি অহাৰ পিছত আজি দুয়োগৰাকী মহাকাশচাৰীয়ে টেক্সাছৰ হিউষ্টনৰ জনছন মহাকাশ কেন্দ্ৰৰ পৰা প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে নিজৰ অভিযানৰ অভিজ্ঞতা ভাগ-বতৰা কৰে।

দীৰ্ঘদিনীয়া ব্যৱধানৰ পিছত পৃথিৱীলৈ উভতি অহাৰ পিছত নিজৰ অনুভৱৰ বিষয়ে জনাই সুনীতা উইলিয়ামছে কয় যে, “প্ৰথমে মই মোৰ স্বামী আৰু মোৰ পোহনীয়া কুকুৰবোৰক সাৱটি ধৰিব বিচাৰিছিলো।” তেওঁ কয় যে তেওঁ প্ৰথমে ঘৰত গ্ৰীল কৰা পনিৰৰ চেণ্ডুইচ উপভোগ কৰিছিল, যিয়ে তেওঁক দেউতাকৰ কথা মনত পেলাই দিয়ে।

পৃথিৱীলৈ নিৰাপদে উভতি অহাৰ লগে লগে বুচ উইলমৰে কয়, আমাৰ বাবে প্ৰাৰ্থনা কৰা আৰু আমাৰ কাষত থিয় দিয়াৰ বাবে আমি এই ৰাষ্ট্ৰৰ প্ৰতি কৃতজ্ঞ। আনহাতে সুনীতিয়ে কৈছিল, পৃথিৱীত কি হৈছে আমাৰ কোনো ধাৰণা নাছিল। কিন্তু মানুহৰ প্ৰতিক্ৰিয়াত আমি সন্মান আৰু নম্ৰ অনুভৱ কৰোঁ। তেওঁ আৰু কয় যে আমি যি কৰিছো সেয়াও গুৰুত্বপূৰ্ণ, দলসমূহে আমাক পুনৰ্বাসন আৰু নতুন প্ৰত্যাহ্বানৰ বাবে প্ৰস্তুতি চলোৱাত সহায় কৰিছে।’

ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে আই এছ এছত কটোৱা সময়খিনিক এক বহুমূলীয়া বৈজ্ঞানিক সুযোগ বুলি অভিহিত কৰে। তেওঁ কয় যে এই সময়ছোৱাত তেওঁ বহুতো গুৰুত্বপূৰ্ণ পৰীক্ষা-নিৰীক্ষা কৰিছিল। তেওঁ কয় যে এই অভিযান আমেৰিকাৰ মহাকাশ অভিযানৰ তালিকাত ষষ্ঠ দীঘলীয়া অভিযান হিচাপে লিপিবদ্ধ কৰা হৈছে। অৱশ্যে সৰ্বাধিক সময়ৰ অভিলেখ নাছাৰ মহাকাশচাৰী ফ্ৰেংক ৰুবিঅ’ৰ হাতত আছে, যিয়ে ৩৭১ দিন মহাকাশত থাকি এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

মহাকাশচাৰীসকলে কিয় ২৮৬ দিন মহাকাশত থাকিব লগা হ’ল? এই প্ৰশ্নৰ উত্তৰত উইলিয়ামছ আৰু উইলমৰে কয় যে নাছা আৰু বয়িঙে নিৰ্মাণ কৰা ষ্টাৰলাইনাৰ মহাকাশযানখনৰ কাৰিকৰী সমস্যাৰ বাবে তেওঁলোকে মহাকাশ কেন্দ্ৰত থাকিব লগা হৈছিল। তেওঁলোকৰ এই অভিযান মাত্ৰ আঠ দিনহে চলিব লাগিছিল যদিও ষ্টাৰলাইনাৰৰ প্ৰপালচন চিষ্টেমৰ সমস্যাৰ বাবে নাছাই বাৰে বাৰে তেওঁলোকৰ উভতি অহা পিছুৱাই দিছিল। অৱশেষত তেওঁলোকৰ উভতি অহা সম্ভৱ হৈ উঠিল যেতিয়া সিদ্ধান্ত লোৱা হ’ল যে স্পেচএক্সৰ ক্ৰু ড্ৰেগনৰ জৰিয়তে তেওঁলোকৰ বাবে উভতি অহাটো অধিক নিৰাপদ হ’ব। অৱশ্যে নাছা আৰু বয়িঙৰ আগন্তুক ষ্টাৰলাইনাৰ মহাকাশযানৰ বিফলতাৰ বিশদ তদন্ত অব্যাহত আছে। তেওঁ কয় যে ভৱিষ্যতে যাতে পুনৰ এনে কাৰিকৰী সমস্যাৰ সৃষ্টি নহয় তাৰ বাবে নাছা আৰু স্পেচএক্সৰ নতুন উৰণৰ ক্ষেত্ৰত ব্য়ৱস্থা কৰা হৈছে।

মহাকাশত দীৰ্ঘ সময় কটোৱাৰ প্ৰভাৱ সন্দৰ্ভত সুনীতা আৰু বুচে কয় যে ২৮৬ দিন ওজনহীনতাত থকাৰ পিছত দুয়োজন মহাকাশচাৰীয়ে হিউষ্টনৰ জনছন মহাকাশ কেন্দ্ৰত পুনৰ্বাসন প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। এই সময়ছোৱাত তেওঁলোকে নিজৰ পেশী আৰু হাড়ক পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ লগত খাপ খুৱাবলৈ বিশেষ ব্যায়াম কৰি আছে যাতে তেওঁলোকে পৃথিৱীৰ পৰিবেশৰ লগত ভালদৰে খাপ খাব পাৰে।

আই এছ এছত আবদ্ধ হৈ থকাৰ বাবে কোন দায়ী সেই সন্দৰ্ভত বুচ উইলমৰে কয় যে, আমি সকলোৱে দায়ী। আমি আগলৈ চাব লাগিব, আমি বহি কাকো দোষ দিব নোৱাৰো। তেওঁ লগতে কয় যে আমি সমস্যাবোৰ সমাধান কৰিম। একে সময়তে নিক হেগে বুচৰ উত্তৰটোক আগুৱাই লৈ গৈ কয় যে আমাৰ মনোযোগ মিছনটোৰ ওপৰত আছিল, ৰাজনীতিৰ কোনো ঠাই নাছিল।

সুনিতা আৰু বুচৰ সহকৰ্মী নিক হেগে কয় যে আমি সকলোৱে মহাকাশ কেন্দ্ৰত একাধিক অভিযান কৰিছো। আমি বৰ্তমান মহাকাশ কেন্দ্ৰৰ সোণালী যুগত আছো। তেওঁ লগতে কয় যে মানৱ মহাকাশ অন্বেষণৰ ভৱিষ্যতৰ কথা ভাবিলে মই সঁচাকৈয়ে আশাবাদী। তেওঁ কয় যে এই অভিযান আমাৰ ৰাষ্ট্ৰীয় লক্ষ্য, ৰাষ্ট্ৰীয় কেন্দ্ৰবিন্দু।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande