কামৰূপ, ২৯ মাৰ্চ (হি.স.)। পুনৰ উত্তাল ডিমৰীয়া। বায়ুসেনা বাহিনীৰ কাৰ্যালয় স্থানান্তৰৰ প্ৰতিবাদক লৈ বহুধাবিভক্ত জনজাতীয় ৰাইজ। প্ৰতিবাদী সভাত সদৌ অসম ট্ৰাইবেল সংঘৰ যুটীয়া সম্পাদক তথা ডিমৰীয়াৰ জনগোষ্ঠীয় নেতা ধীৰেন ইংতিয়ে বায়ুসেনাৰ ডিগাৰুস্থিত কাৰ্যালয় অসম মেঘালয় সীমান্তৱৰ্তী ডিমৰীয়াৰ মাৰকাঙৰ পাহাৰীয়া অঞ্চললৈ স্থানান্তৰৰ পোষকতা কৰিছিল।
ইয়াকে লৈ ক্ষোভিত হৈ ওলাই আহিল মাৰকাং অঞ্চলৰ পাহাৰীয়া জনগোষ্ঠীয় ৰাইজ। নেতাগৰাকীৰ এই মন্তব্যৰ তীব্ৰ বিৰোধ কৰি প্ৰতিবাদেৰে সোণাপুৰৰ ফং আৰিত ইংতিৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে এনে ভাতৃঘাতী সংঘৰ্ষ সৃষ্টি কৰা মন্তব্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে । লগতে নেতা গৰাকীক শীঘ্ৰেই ৰাজহুৱা ক্ষমা খোজাৰ দাবী উত্থাপন কৰে।
উল্লেখ্য যে সোণাপুৰৰ বায়ু সেনা কাৰ্যালয়ে ইয়াৰ দাঁতিকাষৰীয়া একাংশ লোকক নিৰাপত্তাৰ দোহাই দি উচ্ছেদৰ জাননী দিয়াৰ বিৰুদ্ধে কালি সাব্যস্ত হৈছিল এক প্ৰতিবাদ আৰু এই প্ৰতিবাদতে নেতাগৰাকীয়ে উদাত্ত ভাষণেৰে আগবঢ়াইছিল এনে স্ব-বিৰোধী মন্তব্য। ইপিনে ধীৰেণ ইংতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আমি সমিলমিলেৰে আগবাঢ়িম। এচামে মোৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ কৰিছে। মই কোনো জনজাতিবিৰোধী মন্তব্য কৰা নাছিলোঁ। মাত্ৰ বায়ুসেনাৰ কাৰ্যালয়ৰ জন শূণ্য স্থানত , অৰ্থাৎ মাৰকাঙৰ ফালে মানে অসম মেঘালয় সীমান্তত স্থানান্তৰ কৰাৰ কথাহে কৈছিলো। সেই স্থানত হ'বই লাগিব বুলি কোৱা নাছিলো। এই সন্দৰ্ভত ৰাইজ বিভ্ৰান্ত হোৱাৰ প্ৰয়োজন নাই। জনজাতিবিৰোধী স্থিতি লোৱা বুলি অভিযোগ উত্থাপন হোৱা সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক ধীৰেন ইংতিৰ প্ৰতিক্ৰিয়া।
হিন্দুস্থান সমাচাৰ / Narayan Kar