বিশ্বনাথ, ২৯ মাৰ্চ (হি.স.)। জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক ২৫ মাৰ্চত ৰচনামূলক অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। সমগ্র অসমতে ব্যাপক প্ৰতিবাদৰ মাজতো তেওঁক সাময়িকভাৱে মুকলি কৰি দিয়া হয় ।
যদিও অসম আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰে। বিজেপি চৰকাৰৰ এনে কাৰ্য্যক লৈ সমগ্ৰ অসমৰ লগতে বিশ্বনাথ জিলাতো আজি বিশ্বনাথ কংগ্ৰেছৰ দ্বাৰাই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ সমীপত বিশ্বনাথ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি দিলীপ বৰুৱাৰ নেতৃত্বত আৰু দলীয় কাৰ্যকৰ্তাক লৈ হাতে হাতে বেনাৰ লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি প্ৰতিবাদ ৰূপায়ন কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ