শিৱসাগৰ, ২৯ মাৰ্চ (হি.স.)। সাংবাদিক দিলোৱাৰ হুছেইনৰ মুক্তিৰ দাবীত শিৱসাগৰত আজি কংগ্ৰেছ আৰু ৰাইজৰ দলৰ পৃথকে পৃথকে প্ৰতিবাদ।আইনৰ অপপ্ৰয়োগেৰে সাংবাদিক দিলোৱাৰ হুচেইনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতেই সমগ্ৰ অসমৰ সাংবাদিক সকলৰ লগতে দল-সংগঠন সমূহেও প্ৰতিবাদ অব্যাহত ৰাখিছে।
ৰাজ্যৰ অন্যান্য জিলাৰ লগতে শিৱসাগৰত শিৱসাগৰ জিলা কংগ্ৰেছ আৰু ৰাইজৰ দলে প্ৰতিবাদ সাব্যস্ত কৰে।জিলা কংগ্ৰেছৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰা শিৱসাগৰ জিলা কংগ্ৰেছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজৰ ওপৰত শাৰীৰিক আৰু মানসিক অত্যাচাৰ অব্যাহত ৰখাৰ লগতে সংবাদ মাধ্যমৰ মুখ বন্ধ কৰাৰ প্ৰচেষ্টা গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয় বুলি অভিহিত কৰাৰ লগতে সমগ্ৰ ঘটনাক ধিক্কাৰ আৰু গৰিহণা প্ৰদান কৰে।আনহাতে ৰাইজৰ দল শিৱসাগৰ জিলা সমিতিয়ে শিৱসাগৰ নগৰৰ দৌলমুখ চাৰিআলিত সাংবাদিক দিলোৱাৰ হুছেইনৰ মুক্তিৰ দাবীত চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ