–বয়োজ্যেষ্ঠ ব্যক্তিজনক দলবদ্ধ আক্ৰমণ কৰি হত্যাৰ চেষ্টা
যোৰহাট, ২৮ মাৰ্চ (হি.স.): যোৰহাটৰ ২ নং দহোটীয়া গাঁৱত যোৱাকালি বৃহস্পতিবাৰে সন্ধিয়া ঘৰুৱা মাটি বাৰীৰ কন্দলৰ ফলশ্ৰুতিত সংঘটিত হ'ল এক ভয়ংকৰ ঘটনা । ভতিজা পৰিয়ালৰ ভয়ংকৰ আক্ৰমণৰ বলি হ'ল খুৰাক দেবেন বৰা নামৰ লোকজন । এই আক্ৰমণত গুৰুতৰভাবে আহত হৈছে দেবেন বৰা নামৰ ব্যক্তিজন ।
ইতিমধ্যে ব্যক্তিজনক সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে । পত্নীৰ সন্মুখতে ভতিজাকৰ আক্ৰমণৰ বলি হৈছিল বৃদ্ধ দেবেন বৰা । ইফালে বাধা প্ৰদান কৰিবলৈ গৈ প্ৰহৃত হয় দেবেন বৰাৰ বৃদ্ধা পত্নীগৰাকীও । ইতিমধ্যে ঘটনা সন্দৰ্ভত দেবেন বৰাৰ পৰিয়ালে পুলিবৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ । এজাহাৰত উল্লেখিত অভিযোগ অনুসৰি দেবেন বৰাৰ ওপৰত অতৰ্কিতে লাঠী আৰু খুকুৰীৰে ভয়ংকৰ আক্ৰমণ চলাইছিল জিতেন বৰা, ৰমেন বৰা, জ্ঞান বৰা আৰু দুগৰাকী মহিলাসহ মুঠ ৫ জন লোকে । ঘটনা সংঘটিত কৰিয়েই সকলোৱে পলায়ন কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ