ভাৰতীয় মূলৰ মহিলাই আমেৰিকাত হত্যা কৰিলে নিজ পুত্ৰক
কেলিফৰ্ণিয়া, ২৩ মাৰ্চ (হি.স.)। এগৰাকী ভাৰতীয় মহিলাই পুত্ৰৰ তেজেৰে হাত ৰাঙলী কৰিলে। মাতৃয়ে আমেৰিকাত পুত্ৰৰ ডিঙি ৰেপি হত্যা কৰিলে। স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল মহিলাগৰাকীৰ। কেলিফৰ্ণিয়াৰ অৰেঞ্জ কাউন্টি জিলা এটৰ্নীৰ কাৰ্যালয়ে জনোৱা মতে, যদিহে মহ
হত্যা


কেলিফৰ্ণিয়া, ২৩ মাৰ্চ (হি.স.)। এগৰাকী ভাৰতীয় মহিলাই পুত্ৰৰ তেজেৰে হাত ৰাঙলী কৰিলে। মাতৃয়ে আমেৰিকাত পুত্ৰৰ ডিঙি ৰেপি হত্যা কৰিলে। স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল মহিলাগৰাকীৰ। কেলিফৰ্ণিয়াৰ অৰেঞ্জ কাউন্টি জিলা এটৰ্নীৰ কাৰ্যালয়ে জনোৱা মতে, যদিহে মহিলাগৰাকীয়ে নিজৰ পুত্ৰক হত্যা কৰাৰ দোষী সাব্যস্ত হয় তেন্তে তেওঁক সৰ্বোচ্চ ২৬ বছৰৰ শাস্তি লাভ কৰিব পাৰে।

কেলিফৰ্ণিয়াত বাস কৰা ভাৰতীয় মূলৰ মহিলা সৰিতা ৰামাৰাজু (৪৮)ৰ স্বামী প্ৰকাশ ৰাজুৰ সৈতে ২০১৮ চনত বিবাহ বিচ্ছেদ হয়। আইনী যুদ্ধৰ সময়ত ১১ বছৰীয়া পুত্ৰৰ তত্ত্বাৱধান পিতৃৰ হাতত অৰ্পণ কৰা হয় যদিও মাতৃ সৰিতাক পুত্ৰক লগ কৰিবলৈ দিয়া হয়। শেহতীয়াকৈ সৰিতা পুত্ৰৰ সৈতে ডিজনীলেণ্ডলৈ গৈছিল।

এনবিচি লছ এঞ্জেলছ চেনেলৰ প্ৰতিবেদন অনুসৰি যোৱা ১৯ মাৰ্চত সৰিতাই পুত্ৰৰ ডিঙি ৰেপি হত্যা কৰিছিল। লগতে তেওঁ টোপনিৰ বড়িও খাইছিল। ঘটনা পোহৰলৈ অহাত আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়। মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সুস্থ হোৱাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হয়। অৰেঞ্জ কাউন্টিৰ জিলা এটৰ্নী টেড স্পিটজাৰে কয় যে শিশুৰ বাবে আটাইতকৈ নিৰাপদ স্থান হৈছে অভিভাৱকৰ কোলা। কিন্তু মহিলাগৰাকীয়ে তেওঁক সাৱটি ধৰাৰ সলনি ডিঙি কাটি হত্যা কৰিলে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande