কুৱেটাত পাকিস্তানী সেনাৰ ওপৰত ধাৰাবাহিক আক্ৰমণ, ফ্ৰন্টিয়াৰ কৰ্পছৰ মুখ্য কাৰ্যালয়কে ধৰি বহু ঠাইত আক্ৰমণ
ইছলামাবাদ/কুৱেটা, ০৯ মে’ (হি.স.)। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ ৰাজধানী কুৱেটাত বৃহস্পতিবাৰে গভীৰ নিশা পাকিস্তানী সেনাৰ বিৰুদ্ধে সংগঠিত আৰু ধাৰাবাহিক আক্ৰমণ সংঘটিত হয়। স্থানীয় সূত্ৰ আৰু প্ৰাৰম্ভিক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই আক্ৰমণত ফ্ৰন্টিয়াৰ
কুৱেটাত পাকিস্তানী সেনাৰ ওপৰত ধাৰাবাহিক আক্ৰমণ, ফ্ৰন্টিয়াৰ কৰ্পছৰ মুখ্য কাৰ্যালয়কে ধৰি বহু ঠাইত আক্ৰমণ


ইছলামাবাদ/কুৱেটা, ০৯ মে’ (হি.স.)। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ ৰাজধানী কুৱেটাত বৃহস্পতিবাৰে গভীৰ নিশা পাকিস্তানী সেনাৰ বিৰুদ্ধে সংগঠিত আৰু ধাৰাবাহিক আক্ৰমণ সংঘটিত হয়। স্থানীয় সূত্ৰ আৰু প্ৰাৰম্ভিক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই আক্ৰমণত ফ্ৰন্টিয়াৰ কৰ্পছৰ মুখ্য কাৰ্যালয়, নিৰাপত্তা চেক পোষ্ট আৰু হাজাৰা টাউনৰ সেনা চকীকে ধৰি কেইবাটাও সামৰিক ঘাটি লক্ষ্য কৰি লোৱা হৈছে।

কুৱেটাত থকা ফ্ৰন্টিয়াৰ কৰ্পছৰ মুখ্য কাৰ্যালয়ক লক্ষ্য কৰি লৈছিল সশস্ত্ৰ আক্ৰমণকাৰীয়ে। আক্ৰমণৰ পূৰ্বে কেইবাটাও তীব্ৰ বিস্ফোৰণ সংঘটিত হয় আৰু তাৰ পিছত প্ৰচণ্ড গুলীৰ শব্দ শুনা যায়। সেনাই অঞ্চলটো ঘেৰাও কৰি প্ৰত্যাক্ৰমণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

আনহাতে কুৱেটাৰ কাম্বৰানি ৰোডত অৱস্থিত ছফৰ খান চেক পোষ্টতো কমেও দুটা বিস্ফোৰণ সংঘটিত হয়। কোনো সংগঠনে এতিয়াও এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও এই অঞ্চলটো বিগত সময়তো সন্ত্ৰাসবাদী কাৰ্যকলাপৰ প্ৰতি সংবেদনশীল হৈ আহিছে।

একে সময়তে কিৰাণী পথত অৱস্থিত হাজাৰা টাউনৰ সেনা চকীতো সশস্ত্ৰ আক্ৰমণকাৰীয়ে আক্ৰমণ কৰে। সমগ্ৰ অঞ্চলটোত বিস্ফোৰণ আৰু বন্দুকৰ গুলীৰ শব্দ প্ৰতিধ্বনিত হৈছিল। স্থানীয় ৰাইজৰ মাজত আতংকৰ পৰিবেশ বিৰাজ কৰিছে।

এই আক্ৰমণৰ পিছত বেলুচিস্তান চৰকাৰে কুৱেটাত হাই এলাৰ্ট ঘোষণা কৰিছে। আক্ৰমণকাৰীৰ সন্ধানত সেনা আৰু অৰ্ধসামৰিক বাহিনীক কম্বিং অভিযান চলাবলৈ নিৰ্দেশ দিয়া হৈছে। মহানগৰীৰ বহু ঠাইত সাময়িকভাৱে ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ লগতে স্পৰ্শকাতৰ অঞ্চলত সান্ধ্য আইন সদৃশ নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande