চীনৰ সৈতে বাণিজ্যিক সম্পৰ্ক বিচ্ছিন্ন কৰিবলৈ উৰুগুৱেক আমেৰিকাৰ হেঁচা প্ৰয়োগ
মণ্টেভিডিঅ’, ২৮ মাৰ্চ (হি.স.)। চীনৰ সৈতে বাণিজ্যিক সম্পৰ্ক শেষ কৰিবলৈ উৰুগুৱেক অহৰহ হেঁচা প্ৰয়োগ কৰি আছে আমেৰিকাই। উৰুগুৱেৰ অৰ্থনীতি আৰু বিত্ত মন্ত্ৰী গেব্ৰিয়েল অডনে ব্যক্তিগত বৈঠকত এই কথা প্ৰকাশ কৰে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিত্তমন্ত্ৰী অডনে
सांकेतिक


মণ্টেভিডিঅ’, ২৮ মাৰ্চ (হি.স.)। চীনৰ সৈতে বাণিজ্যিক সম্পৰ্ক শেষ কৰিবলৈ উৰুগুৱেক অহৰহ হেঁচা প্ৰয়োগ কৰি আছে আমেৰিকাই। উৰুগুৱেৰ অৰ্থনীতি আৰু বিত্ত মন্ত্ৰী গেব্ৰিয়েল অডনে ব্যক্তিগত বৈঠকত এই কথা প্ৰকাশ কৰে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিত্তমন্ত্ৰী অডনে বিভিন্ন মাধ্যমেৰে দৈনিক প্ৰয়োগ কৰা আমেৰিকাৰ হেঁচাক “অকল্পনীয়” আৰু “অসহনীয়” বুলি অভিহিত কৰিছে। তেওঁ সকীয়াই দিয়ে যে যদি উৰুগুৱেই ৱাশ্বিংটনৰ দাবী মানি নলয় তেন্তে ড’নাল্ড ট্ৰাম্প প্ৰশাসনৰ সৈতে ইয়াৰ বাণিজ্যিক সম্পৰ্ক আৰু অধিক অৱনতি ঘটিব পাৰে।

যোৱা ১৪ বছৰ ধৰি উৰুগুৱেৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ হিচাপে পৰিগণিত হৈছে চীন, গো-মাংস, সৰিয়হ, চেলুল’জৰ দৰে প্ৰধান সামগ্ৰীকে ধৰি দেশখনৰ মুঠ ৰপ্তানিৰ প্ৰায় ২৬% চীনলৈ যায় ।

আমেৰিকা আৰু চীনৰ মাজত ভূ-ৰাজনৈতিক প্ৰতিযোগিতা তীব্ৰতৰ হোৱাৰ সময়ত এই ঘটনা সংঘটিত হৈছে। দুয়োখন শক্তিৰ সৈতে বাণিজ্যিক সম্পৰ্ক থকা দেশসমূহত ইয়াৰ প্ৰভাৱ স্পষ্টভাৱে দেখা যায়।

ঘৰুৱা পৰ্যায়তো উৰুগুৱেৰ অৰ্থনীতিৰ ওপৰত হেঁচা পৰিছে । ২০২৫ চনত উৰুগুৱেৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) ১.৮% বৃদ্ধি পাইছে, যিটো চৰকাৰী অনুমান ২.৬%তকৈ কম। ২০২৬ চনৰ বৃদ্ধিৰ পূৰ্বাভাস প্ৰায় ১.৬% লৈ হ্ৰাস কৰা হৈছে।

এই প্ৰত্যাহ্বানসমূহৰ মাজতো মন্ত্ৰী অডনে অৰ্থনীতিৰ ৰক্ষা কৰি কয় যে বিশ্বৰ কঠিন পৰিস্থিতিৰ মাজতো দেশখনে অগ্ৰগতি অব্যাহত ৰাখিছে। তেওঁ স্পষ্ট কৰি দিয়ে যে উৰুগুৱেই নিজৰ প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধিৰ বাবে নিজৰ মুদ্ৰা দুৰ্বল নকৰে। বৰঞ্চ চৰকাৰে সৰু সৰু অৰ্থনৈতিক সংস্কাৰ, খৰচ হ্ৰাস, বৈদেশিক বাণিজ্যৰ সুবিধা প্ৰদানৰ ওপৰত গুৰুত্ব দিব।

বৰ্তমান আমেৰিকা আৰু চীনৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাই সৰু সৰু দেশসমূহৰ বাবে এক উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। উৰুগুৱেৰ দৰে দেশসমূহে এফালে অৰ্থনৈতিক স্বাৰ্থ আৰু আনফালে বিশ্বৰ ৰাজনৈতিক হেঁচাত ভাৰসাম্য ৰক্ষা কৰাত ক্ৰমান্বয়ে অসুবিধা পাইছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande