ইজৰাইলৰ ওপৰত হুতী বিদ্ৰোহীৰ বেলিষ্টিক মিছাইল আক্ৰমণ
য়েমেন, ২৮ মাৰ্চ (হি.স.)। পশ্চিম এছিয়াত ২৯ দিনীয়া যুদ্ধৰ মাজতে য়েমেনৰ হুতী বিদ্ৰোহীয়ে ইজৰাইলৰ ওপৰত বৃহৎ বেলিষ্টিক মিছাইল আক্ৰমণ চলাইছে। ইৰাণৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলে যুদ্ধ আৰম্ভ কৰাৰ পিছত অঞ্চলটোত উত্তেজনা তীব্ৰতৰ হোৱাৰ সময়ত এই কথা প্ৰকাশ
सांकेतिक


য়েমেন, ২৮ মাৰ্চ (হি.স.)। পশ্চিম এছিয়াত ২৯ দিনীয়া যুদ্ধৰ মাজতে য়েমেনৰ হুতী বিদ্ৰোহীয়ে ইজৰাইলৰ ওপৰত বৃহৎ বেলিষ্টিক মিছাইল আক্ৰমণ চলাইছে। ইৰাণৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলে যুদ্ধ আৰম্ভ কৰাৰ পিছত অঞ্চলটোত উত্তেজনা তীব্ৰতৰ হোৱাৰ সময়ত এই কথা প্ৰকাশ কৰিছে।

আল জাজিৰাৰ মতে, হুতী বিদ্ৰোহী সামৰিক মুখপাত্ৰ ইয়াহিয়া ছাৰিয়ে বিদ্ৰোহীৰ আল মাছিৰা চেনেলত এই আক্ৰমণ নিশ্চিত কৰি কয় যে, “আমাৰ উল্লেখিত লক্ষ্যত উপনীত নোহোৱালৈকে এই আক্ৰমণ অব্যাহত থাকিব।” এই ক্ষেপণাস্ত্ৰসমূহে দক্ষিণ ইজৰাইলৰ স্পৰ্শকাতৰ সামৰিক প্ৰতিষ্ঠানসমূহক লক্ষ্য কৰি লৈছিল।

অৱশ্যে ইজৰাইলৰ সেনাই এটা ক্ষেপণাস্ত্ৰ আটক কৰা বুলি দাবী কৰিছে। আক্ৰমণৰ সময়ত বেৰচেবা আৰু ইজৰাইলৰ প্ৰধান পাৰমাণৱিক গৱেষণা কেন্দ্ৰৰ চাৰিওফালে চাইৰেন বজাই অঞ্চলটোত আতংক বিয়পি পৰে। এই আক্ৰমণ এনে সময়ত সংঘটিত হৈছে যেতিয়া হিজবুল্লাহ আৰু ইৰাণ ইতিমধ্যে ইজৰাইলৰ বিৰুদ্ধে সংঘাতত লিপ্ত হৈছে, যাৰ ফলত যুদ্ধৰ ব্যাপক তীব্ৰতা বৃদ্ধিৰ আশংকা বৃদ্ধি পাইছে।

ইয়াৰ পূৰ্বে হুতী বিদ্ৰোহীয়ে লোহিত সাগৰত বণিক জাহাজক লক্ষ্য কৰি বিশ্ব বাণিজ্যত প্ৰভাৱ পেলাইছিল। ২০২৩ চনৰ নৱেম্বৰৰ পৰা ২০২৫ চনৰ জানুৱাৰী মাহৰ ভিতৰত তেওঁলোকে ১০০ খনতকৈও অধিক জাহাজ আক্ৰমণ কৰিছিল আৰু এই ঘটনাত দুখন ডুব যায় আৰু চাৰিজন নাৱিকৰ মৃত্যু হয়।

হুতী বিদ্ৰোহীয়ে বাব আল মাণ্ডেব জলদ্বীপ বন্ধ কৰাৰ ভাবুকিও দিছে। এই জলপথটো বিশ্ব বাণিজ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ, প্ৰতি বছৰে প্ৰায় এক ট্ৰিলিয়ন ডলাৰৰ সামগ্ৰী সৰৱৰাহ কৰা হয়।

বিশেষজ্ঞসকলৰ মতে যদি জলদ্বীপ বন্ধ কৰা হয় তেন্তে ইয়াৰ প্ৰভাৱ ছুৱেজ খাল আৰু হৰমুজ জলদ্বীপৰ দৰে ডাঙৰ ডাঙৰ সাগৰীয় পথতো পৰিব, যাৰ ফলত বিশ্ব অৰ্থনীতিৰ যথেষ্ট ক্ষতি হ’ব পাৰে।

ইফালে, দক্ষিণ লেবাননৰ পৰা ৰকেটৰ আক্ৰমণত ৯ ইজৰাইলী জোৱান আহত হোৱাৰ খবৰ পোৱা গৈছে। ইজৰাইলে প্ৰতিশোধ ল’ব পাৰে বুলি ধাৰণা কৰা হৈছে, যাৰ ফলত সংঘাত আৰু অধিক তীব্ৰতৰ হ’ব পাৰে।

বিশেষজ্ঞসকলে কয় যে যুদ্ধত নতুন ফ্ৰণ্ট মুকলি হ’লে ইজৰাইলৰ সামৰিক কৌশল আৰু চৰকাৰী সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন হ’ব পাৰে।

হুতী বিদ্ৰোহীৰ আক্ৰমণে মধ্যপ্ৰাচ্যৰ সংঘাত আৰু অধিক জটিল কৰি তুলিছে। যদিহে এই সংঘাত তীব্ৰতৰ হয় তেন্তে ইয়াৰ গভীৰ প্ৰভাৱ কেৱল আঞ্চলিক নিৰাপত্তাৰ বাবেই নহয়, বিশ্ব অৰ্থনীতিৰ ওপৰতো পৰিব পাৰে।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande