আংকাৰা (তুৰস্ক), ০৮ মে’ (হি.স.)। পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰৰ বিৰুদ্ধে ভাৰতৰ ‘অপাৰেচন সেন্দুৰ’ই ফেডাৰেল চৰকাৰক নিদ্ৰাহীন কৰি তুলিছে। ইয়াৰ মাত্ৰ এদিন পিছতে পাকিস্তানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকীয়ে ভাৰতীয় সমকক্ষৰ সৈতে ফোনযোগে কথা পাতিলে। তুৰস্কৰ বাতৰি সম্প্ৰচাৰক ‘টি আৰ টি ৱৰ্ল্ড চেনেল’ই বুধবাৰে গভীৰ নিশা পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইছহাক দাৰৰ উদ্ধৃতি দি এই কথা প্ৰকাশ কৰে। অৱশ্যে এনে কোনো ফোন কথোপকথন সন্দৰ্ভত নতুন দিল্লীৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি দিয়া হোৱা নাই।
পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী ইছহাক দাৰে টি আৰ টি ৱৰ্ল্ডৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই কথা নিশ্চিত কৰে। চেনেলটোৱে জনোৱা মতে, ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ভাৰতে শেহতীয়া সামৰিক ব্যৱস্থা গ্ৰহণ কৰাৰ পিছত এইটোৱেই প্ৰথম এনে যোগাযোগ। পেহেলগাম আক্ৰমণত ২৬ জন লোকে প্ৰাণ হেৰুৱাইছে।
টি আৰ টি ৱৰ্ল্ডৰ প্ৰতিবেদন অনুসৰি ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু পাকিস্তানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অসীম মালিকৰ মাজত হোৱা বাৰ্তালাপৰ বিষয়ে আৰু কোনো সবিশেষ দাৰে দিয়া নাই। চেনেলটোৱে সম্প্ৰচাৰত কয় যে পাৰমাণৱিক অস্ত্ৰধাৰী প্ৰতিবেশী ৰাষ্ট্ৰসমূহৰ মাজত বৃহৎ সামৰিক সংঘাতৰ আশংকা থকাৰ মাজতে এই আলোচনাক উত্তেজনা হ্ৰাস কৰাৰ প্ৰয়াস হিচাপে দেখা গৈছে। উল্লেখযোগ্য যে এই কথা-বতৰা সন্দৰ্ভত ভাৰতৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।
এই সাক্ষাৎকাৰত দাৰে কয় যে ভাৰতৰ অপাৰেচন সিন্দুৰৰ পিছত ইছলামবাদৰ সৈতে যোগাযোগ কৰা প্ৰথমখন দেশ তুৰস্ক। তেওঁ ক’লে যে ৰাতি প্ৰায় এক বজাত মোৰ প্ৰথম ফোন আহিল তুৰস্কৰ বৈদেশিক মন্ত্ৰীৰ পৰা। ইয়াৰ পিছতে তুৰ্কীৰ ৰাষ্ট্ৰপতিয়ে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ সৈতে ফোনযোগে কথা পাতে। দাৰে কয় যে ভাৰতীয় আক্ৰমণৰ পিছত ব্যক্তিগতভাৱে আৰু পাকিস্তানৰ বৈদেশিক কাৰ্যালয়ৰ জৰিয়তে তেওঁৰ সৈতে যোগাযোগ কৰা প্ৰথমজন ৰাষ্ট্ৰদূত আছিল ইছলামবাদত থকা তুৰ্কীৰ ৰাষ্ট্ৰদূত। দুয়োখন দেশৰ ভাতৃত্ববোধ আৰু বন্ধুত্বৰ আটাইতকৈ ডাঙৰ নিদৰ্শন এয়া।
हिन्दुस्थान समाचार / Monoj Kumar Saikia