মালে, ২৫ জুলাই (হি.স.)। ব্ৰিটেইনৰ গুৰুত্বপূৰ্ণ ভ্ৰমণ সমাপ্ত কৰি দুদিনীয়া ভ্ৰমণসূচীৰে মালদ্বীপলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ মালদ্বীপৰ স্বাধীনতা দিৱস উদযাপনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ২৬ জুলাইত মালদ্বীপৰ স্বাধীনতাৰ ৬০ বছৰীয়া জয়ন্তী উদযাপন কৰা হৈছে।
দ্বিতীয় পৰ্যায়ৰ বিদেশ ভ্ৰমণত আজি মালদ্বীপত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে দুদিনীয়া ব্ৰিটেইন ভ্ৰমণলৈ গৈছিল, য’ত তেওঁৰ উপস্থিতিত ভাৰত আৰু ব্ৰিটেইনৰ মাজত সৰ্বাংগীন অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি স্বাক্ষৰিত হৈছিল।
মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মইজ্জুৰ আমন্ত্ৰণত মালদ্বীপত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোডীয়ে ৬০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এয়া হ’ব তেওঁৰ তৃতীয়টো মালদ্বীপ ভ্ৰমণ। ইয়াৰ পূৰ্বে ২০১৮ আৰু ২০১৯ চনত মালদ্বীপ ভ্ৰমণ কৰিছিল মোদীয়ে।
বিশেষ কথাটো হ’ল যে মহম্মদ মইজুৱে মালদ্বীপত ক্ষমতা দখল কৰাৰ পিছত এয়া হ’ব প্ৰথমবাৰৰ বাবে বিদেশী ৰাষ্ট্ৰপতিৰ ভ্ৰমণ। ২০২৩ চনৰ নৱেম্বৰ মাহত মুইজু ৰাষ্ট্ৰপতি হোৱাৰ পিছত এইটোৱেই প্ৰথম আনুষ্ঠানিক ভ্ৰমণ।
ভাৰত বিৰোধী স্থিতি লৈ ক্ষমতালৈ অহা মহম্মদ মইজ্জুৰ কাৰ্যকালৰ প্ৰথম কেইমাহমানৰ ভিতৰতে ভাৰত-মালদ্বীপৰ সম্পৰ্ক যথেষ্ট তিক্ত হৈ পৰিছিল। কিন্তু ২০২৪ চনৰ অক্টোবৰ মাহত মুইজ্জুৰ ভাৰত ভ্ৰমণৰ সময়ত ভাৰতে মালদ্বীপৰ বাবে ৭৫ কোটি ডলাৰৰ মুদ্ৰা বিনিময় চুক্তি কৰিলে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক উন্নত হয়। ইয়াৰ ফলত মালদ্বীপক বিদেশী মুদ্ৰাৰ নাটনিৰ সৈতে মোকাবিলা কৰাত সহায় কৰা হৈছিল।
हिन्दुस्थान समाचार / Monoj Kumar Saikia