পেৰিছ, ২৫ জুলাই (হি.স.)। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত পেলেষ্টাইনক আনুষ্ঠানিকভাৱে স্বীকৃতি দিব বুলি এক বৃহৎ ঘোষণা কৰিছে। তেওঁ কয় যে ছেপ্টেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ইয়াৰ আনুষ্ঠানিক ঘোষণা কৰিব। ৰাষ্ট্ৰসংঘৰ ১৯৩খন সদস্য দেশৰ ভিতৰত ১৪০খনতকৈও অধিক দেশে পেলেষ্টাইনক স্বীকৃতি দিছে।
গাজাত ইজৰাইলৰ সামৰিক কাৰ্য্যৰ মাজতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে কয় যে এই সময়ত গাজাত চলি থকা যুদ্ধৰ তৎক্ষণাত অন্ত পৰাটো আৰু সাধাৰণ নাগৰিকৰ জীৱন ৰক্ষা কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনে বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে যে মধ্যপ্ৰাচ্যত ন্যায়সংগত আৰু স্থায়ী শান্তিৰ বাবে ঐতিহাসিক প্ৰতিশ্ৰুতিৰ অংশ হিচাপে মই সিদ্ধান্ত লৈছো যে ফ্ৰান্সে পেলেষ্টাইনক ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিব। আমি হামাছক অস্ত্ৰমুক্ত কৰি গাজাক নিৰাপদ কৰি পুনৰ নিৰ্মাণ কৰিব লাগিব। তেওঁ লিখিছে যে গাজাত তাৎক্ষণিক যুদ্ধবিৰতি, সকলো পণবন্দীক মুকলি কৰি দিয়া আৰু ব্যাপক মানৱীয় সাহায্যৰ প্ৰয়োজনীয়তা আছে।
বিশেষ কথাটো হ’ল মেক্ৰন পূৰ্বে ইজৰাইলৰ স্থিতিৰ সমৰ্থক আছিল। ২০২৩ চনৰ ৭ অক্টোবৰত যেতিয়া হামাছৰ সন্ত্ৰাসবাদীয়ে ইজৰাইলক আক্ৰমণ কৰিছিল তেতিয়া ৰাষ্ট্ৰপতি মেক্ৰনে ইজৰাইলক সমৰ্থন কৰিছিল। কিন্তু যোৱা কেইমাহমানত গাজাত ইজৰাইলৰ ব্যাপক সামৰিক কাৰ্য্য আৰু তাত খাদ্য সংকটত সাধাৰণ মানুহ লক্ষ্য হৈ পৰাত মেক্ৰনে চিন্তিত হৈ পৰিছে।
ইয়াৰ এদিন পূৰ্বে ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ (UNSC)ত গাজা সংকটৰ সন্দৰ্ভত আলোকপাত কৰি ভাৰতৰ স্থায়ী প্ৰতিনিধি পি হৰিছে কয় যে গাজা পট্টীত প্ৰচলিত ভয়াৱহ মানৱীয় সংকটৰ সমাধান কেৱল যুদ্ধবিৰতিৰ সাময়িক বিৰতিৰ দ্বাৰা সম্ভৱ হ’ব নোৱাৰে। গাজাৰ মানুহে দৈনিক খাদ্য, ইন্ধন, স্বাস্থ্য সেৱা আৰু শিক্ষাৰ দৰে মৌলিক প্ৰয়োজনীয় সামগ্ৰীৰ তীব্ৰ নাটনিৰ সন্মুখীন হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া