(লীড) ভাৰত আৰু ব্ৰিটেইনৰ মাজত স্বাক্ষৰিত বিস্তৃত অৰ্থনৈতিক আৰু বাণিজ্যিক চুক্তি
- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ দ্বিপাক্ষিক বৈঠক লণ্ডন, ২৪ জুলাই (হি.স.)। ভাৰত আৰু ব্ৰিটেইনৰ মাজত বহু প্ৰত্যাশিত আৰু বহু চৰ্চিত মুক্ত বাণিজ্য চুক্তি আজি ইয়াত স্বাক্ষৰিত হয়। ইয়াৰ দ্বাৰা ভাৰতৰ যুৱক-যুৱতী, কৃষক
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটিছ সমকক্ষ কেইৰ ষ্টাৰমাৰ


- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ দ্বিপাক্ষিক বৈঠক

লণ্ডন, ২৪ জুলাই (হি.স.)। ভাৰত আৰু ব্ৰিটেইনৰ মাজত বহু প্ৰত্যাশিত আৰু বহু চৰ্চিত মুক্ত বাণিজ্য চুক্তি আজি ইয়াত স্বাক্ষৰিত হয়। ইয়াৰ দ্বাৰা ভাৰতৰ যুৱক-যুৱতী, কৃষক, মাছমৰীয়া আৰু মজলীয়া, ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগ খণ্ডৰ বাবে ব্ৰিটেইনত এক নতুন বজাৰ পোৱা যাব, আনহাতে ভাৰতে ব্ৰিটেইনত নিৰ্মিত সামগ্ৰী - যেনে চিকিৎসা সঁজুলি আৰু মহাকাশৰ উপাদানসমূহ সুলভ মূল্যত সহজে লাভ কৰিবলৈ সক্ষম হ’ব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ উপস্থিতিত দুয়োখন দেশৰ মাজত স্বাক্ষৰিত হৈছে সৰ্বাংগীন অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল আৰু ব্ৰিটেইনৰ বাণিজ্য ৰাজ্যিক মন্ত্ৰী জনাথন ৰেইনল্ডছে ভাৰতৰ হৈ চিইটিএত স্বাক্ষৰ কৰে। এই উপলক্ষে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালো উপস্থিত থাকে।

এই উপলক্ষে দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীসকলে ভাৰত আৰু ব্ৰিটেইনৰ ব্যাপক কৌশলগত অংশীদাৰিত্বক নতুন গতি আৰু শক্তি প্ৰদানৰ সংকল্প প্ৰকাশ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত দ্বৈত মানদণ্ড আৰু উগ্ৰবাদী মতাদৰ্শ থকা শক্তিসমূহে গণতান্ত্ৰিক স্বাধীনতাৰ অপব্যৱহাৰক গৰিহণা দি গণতান্ত্ৰিক স্বাধীনতাৰ নামত সন্ত্ৰাসবাদক গোপনে সমৰ্থন আগবঢ়োৱাসকলৰ জবাবদিহিতা নিশ্চিত কৰিবলৈ আহ্বান জনায়।

বৈঠকৰ অন্তত প্ৰেছ বিবৃতিত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘আমাৰ সম্পৰ্কৰ আজি এক ঐতিহাসিক দিন।মই সুখী যে বহু বছৰৰ কঠোৰ পৰিশ্ৰমৰ অন্তত আজি দুয়োখন দেশৰ মাজত সৰ্বাংগীন অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি (চিইটিএ) সম্পাদন কৰা হৈছে। এফালে ভাৰতীয় বস্ত্ৰ, জোতা, ৰত্ন আৰু গহণা, সাগৰীয় খাদ্য আৰু অভিযান্ত্ৰিক সামগ্ৰীয়ে ব্ৰিটেইনত উন্নত বজাৰ লাভ কৰিব । ভাৰতৰ কৃষি সামগ্ৰী আৰু প্ৰক্ৰিয়াকৃত খাদ্য উদ্যোগৰ বাবে ব্ৰিটেইনৰ বজাৰত সুযোগ সৃষ্টি হ’ব। ভাৰতৰ যুৱক-যুৱতী, কৃষক, মাছমৰীয়া আৰু মজলীয়া, ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগ খণ্ডৰ বাবে এই চুক্তি বিশেষ ভাৱে লাভজনক হ'ব । আনহাতে ভাৰতে ব্ৰিটেইনত নিৰ্মিত সামগ্ৰী - যেনে চিকিৎসা সঁজুলি আৰু মহাকাশৰ উপাদানসমূহ সুলভ মূল্যত সহজে লাভ কৰিবলৈ সক্ষম হ’ব।

তেওঁ কয় যে এই চুক্তিৰ লগতে দ্বৈত ওপৰতো সহমতত উপনীত হৈছে। ইয়াৰ দ্বাৰা দুয়োখন দেশৰ সেৱা খণ্ড বিশেষকৈ প্ৰযুক্তি আৰু বিত্তীয় ক্ষেত্ৰত নতুন শক্তি লাভ কৰিব। ব্যৱসায় কৰাত সহজতাই গতি পাব। ব্যৱসায়িক খৰচ কমি যাব আৰু ব্যৱসায়িক আত্মবিশ্বাস বৃদ্ধি পাব। লগতে ব্ৰিটেইনৰ অৰ্থনীতিয়ে পাব দক্ষ ভাৰতীয় প্ৰতিভা। এই চুক্তিসমূহে দুয়োখন দেশতে বিনিয়োগ বৃদ্ধি কৰাৰ লগতে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। কেৱল এয়াই নহয়, দুখন গণতান্ত্ৰিক দেশ আৰু বিশ্বৰ দুখন বৃহৎ অৰ্থনীতিৰ মাজত হোৱা এই চুক্তিসমূহে বিশ্বৰ স্থিতিশীলতা আৰু সমৃদ্ধিও শক্তিশালী কৰিব।’

প্ৰধানমন্ত্ৰীয়ে কয়, আজি আমি আগন্তুক দশকত আমাৰ সামগ্ৰিক কৌশলগত অংশীদাৰিত্বক নতুন গতি আৰু শক্তি প্ৰদানৰ বাবে ভিজন ২০৩৫ৰ বিষয়েও ক'ম। ই প্ৰযুক্তি, প্ৰতিৰক্ষা, জলবায়ু, শিক্ষা আৰু জনসাধাৰণৰ সংযোগৰ ক্ষেত্ৰত এক শক্তিশালী, নিৰ্ভৰযোগ্য আৰু অভিলাষী অংশীদাৰিত্বৰ বাবে এক ৰোডমেপ হ'ব। তেওঁ কয় যে নিৰাপত্তা আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অংশীদাৰিত্বৰ বাবে প্ৰতিৰক্ষা উদ্যোগিক ৰোডমেপ প্ৰস্তুত কৰা হৈছে। আমাৰ প্ৰযুক্তি সুৰক্ষাৰ পদক্ষেপক আৰু অধিক শক্তিশালী কৰাৰ বাবে কাম কৰা হ’ব। এআইৰ পৰা জটিল খনিজ পদাৰ্থ, অৰ্ধপৰিবাহীৰ পৰা চাইবাৰ সুৰক্ষালৈকে আমি একেলগে ভৱিষ্যত গঢ়িম বুলি আমাৰ প্ৰতিশ্ৰুতি।

ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে কয় যে, এইখন এনে এক চুক্তি যিয়ে দুয়োখন দেশৰ বাবে বৃহৎ সুবিধা কঢ়িয়াই আনিব, মজুৰি বৃদ্ধি কৰিব, জীৱন ধাৰণৰ মান উন্নত কৰিব আৰু শ্ৰমিক মানুহৰ পকেটত অধিক ধন ৰাখিব। ই চাকৰিৰ বাবে ভাল, ব্যৱসায়ৰ বাবে ভাল, শুল্ক হ্ৰাস কৰিব আৰু বাণিজ্য সস্তা, দ্ৰুত আৰু সহজ কৰি তুলিব।

ষ্টাৰমাৰে কয়, আমি দুয়ো জানো যে ইউৰোপীয় ইউনিয়নৰ পৰা ওলাই অহাৰ পিছত ব্ৰিটেইনে স্বাক্ষৰ কৰা এইটোৱেই আটাইতকৈ ডাঙৰ আৰু অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ বাণিজ্যিক চুক্তি। মই ক'ব পাৰো যে ভাৰতে স্বাক্ষৰ কৰা আটাইতকৈ ব্যাপক চুক্তিসমূহৰ ভিতৰত ই অন্যতম। গতিকে প্ৰধানমন্ত্ৰী মোডী, আপোনাৰ নেতৃত্ব আৰু বিচক্ষণতাৰ বাবে ধন্যবাদ। যিসকলে এই চুক্তিখন সফল কৰাৰ বাবে ইমান কষ্ট কৰিছে, তেওঁলোকক ধন্যবাদ দিব বিচাৰিছো।

মোদীয়ে কয় যে ভাৰতত অৰ্থনৈতিক অপৰাধৰ গোচৰত বিচৰা পলাতকসকলক প্ৰত্যাৰ্পণ কৰাৰ বিষয়ত আমাৰ সংস্থাসমূহে সহযোগিতা আৰু সমন্বয়ৰে কাম কৰি যাব। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দুয়োখন দেশে শিক্ষাৰ ক্ষেত্ৰত এক নতুন অধ্যায় লিখিছে। ব্ৰিটেইনৰ ৬খন বিশ্ববিদ্যালয়ে ভাৰতত কেম্পাছ খুলিছে। মাত্ৰ যোৱা সপ্তাহত ভাৰতৰ গুৰুগ্ৰাম চহৰত চাউথ হেম্পটন বিশ্ববিদ্যালয়ৰ চৌহদ উদ্বোধন কৰা হয়।

মোডীয়ে কয়, পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিয়াৰ বাবে আমি প্ৰধানমন্ত্ৰী ষ্টাৰমাৰ আৰু তেওঁৰ চৰকাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত দ্বৈত মানদণ্ডৰ কোনো স্থান নাই বুলি আমি একমত। এই কথাতো আমি একমত যে উগ্ৰবাদী মতাদৰ্শৰ শক্তিক গণতান্ত্ৰিক স্বাধীনতাৰ অপব্যৱহাৰ কৰিবলৈ দিয়া নহ'ব। গণতন্ত্ৰক দুৰ্বল কৰিবলৈ গণতান্ত্ৰিক স্বাধীনতাৰ অপব্যৱহাৰ কৰাসকলক জবাবদিহি কৰিব লাগিব।

তেওঁ কয় যে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ শান্তি আৰু স্থিতিশীলতা, ইউক্ৰেইনত চলি থকা সংঘাত আৰু পশ্চিম এছিয়াৰ পৰিস্থিতিৰ ওপৰত আমি মতামত ভাগ কৰি আহিছো। সকলো দেশৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক সন্মান কৰাটো অতি প্ৰয়োজনীয়। আজিৰ যুগৰ দাবী বিকাশবাদ, সম্প্ৰসাৰণবাদ নহয়।

যোৱা মাহত আহমেদাবাদত বিমান দুৰ্ঘটনাত মৃত্যু হোৱা ব্ৰিটিছ নাগৰিকৰ পৰিয়াললৈও মোদীয়ে শোক প্ৰকাশ কৰে।

ভাৰত আৰু ইংলেণ্ডৰ ক্ৰিকেট সম্পৰ্কৰ ঐতিহাসিক পটভূমিত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয়, আমাৰ দুয়োৰে বাবে ক্ৰিকেট কেৱল খেল নহয়, বৰঞ্চ এক আবেগ। আৰু ই আমাৰ অংশীদাৰিত্বৰ এক ডাঙৰ উদাহৰণো। কেতিয়াবা ছুইং আৰু মিছ হ'ব পাৰে, কিন্তু আমি সদায় ষ্ট্ৰেইট বেট লৈ খেলো! আমি এক শক্তিশালী আৰু উচ্চ স্ক'ৰ কৰা অংশীদাৰিত্ব গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande