আমেৰিকাৰ কাৰ্ডিনেল ৰবাৰ্ট প্ৰিভোষ্ট নতুন পোপ নিৰ্বাচিত
- এই পদত উপনীত হোৱা প্ৰথমজন আমেৰিকান, ট্ৰাম্পে কয় - দেশখনৰ বাবে এয়া এক বৃহৎ সন্মান ভেটিকান চিটি, ০৯ মে’ (হি.স.)। ভেটিকানে আজি কাৰ্ডিনেল ৰবাৰ্ট প্ৰিভোষ্টক নতুন পোপ হিচাপে নিৰ্বাচিত কৰে। ৰবাৰ্ট প্ৰিভোষ্ট হৈছে কেথলিক মুৰব্বীৰ সৰ্বোচ্চ পদত উপনীত হোৱা
কাৰ্ডিনেল ৰবাৰ্ট প্ৰিভোষ্ট নতুন পোপ  নিৰ্বাচিত


- এই পদত উপনীত হোৱা প্ৰথমজন আমেৰিকান, ট্ৰাম্পে কয় - দেশখনৰ বাবে এয়া এক বৃহৎ সন্মান

ভেটিকান চিটি, ০৯ মে’ (হি.স.)। ভেটিকানে আজি কাৰ্ডিনেল ৰবাৰ্ট প্ৰিভোষ্টক নতুন পোপ হিচাপে নিৰ্বাচিত কৰে। ৰবাৰ্ট প্ৰিভোষ্ট হৈছে কেথলিক মুৰব্বীৰ সৰ্বোচ্চ পদত উপনীত হোৱা প্ৰথমজন আমেৰিকান কাৰ্ডিনেল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইয়াক আমেৰিকাৰ বাবে সৰ্ববৃহৎ সন্মান বুলি অভিহিত কৰিছে। ভোটদানৰ জৰিয়তে তেওঁ প্ৰয়াত পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ পোপ লিঅ’ নামেৰে পৰিচিত হ’ব।

চিএনএন নিউজৰ মতে, ছেইণ্ট পিটাৰ বেচিলিকাৰ বেলকনিৰ পৰা পোপ হিচাপে প্ৰথম ভাষণত তেওঁ শান্তিৰ আহ্বান জনাই প্ৰয়াত পোপ ফ্ৰান্সিছক জনসাধাৰণৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জনায়। আমেৰিকাৰ কাৰ্ডিনেল ৰবাৰ্ট ফ্ৰান্সিছ প্ৰিভোষ্টক ২৬৭ সংখ্যক পোপ হিচাপে নিৰ্বাচিত কৰা হৈছে। অতি সোনকালে তেওঁ বিশ্বৰ ১৪ বিলিয়ন কেথলিকৰ নতুন নেতা হিচাপে আনুষ্ঠানিকভাৱে ছেইণ্ট পিটাৰ বেচিলিকাৰ বেলকনিত ভৰি দিব ।

চিকাগোৰ ৬৯ বছৰীয়া প্ৰিভোষ্ট বৈশ্বিক অভিজ্ঞতা থকা নেতা। তেওঁৰ কেৰিয়াৰৰ বেছিভাগ সময় দক্ষিণ আমেৰিকাত মিছনেৰী হিচাপে কটায় আৰু পেৰুত বিচপ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। শেহতীয়াকৈ তেওঁ বিচপ নিযুক্তিৰ বাবে ভেটিকানৰ এটা শক্তিশালী কাৰ্যালয়ৰ নেতৃত্ব দিছিল। তেওঁ পোপ ফ্ৰান্সিছৰ সংস্কাৰক আগুৱাই নিব বুলি আশা কৰা হৈছে।

উল্লেখ্য যে পোপ নিৰ্বাচিত কৰিবলৈ ১৩৩ জন ভোটিং কাৰ্ডিনেল আছিল আৰু ইয়াৰে এজন পৰৱৰ্তী পোপ হ’বলৈ দুই তৃতীয়াংশ ভোটৰ প্ৰয়োজন আছিল। আজি বিয়লিৰ ভাগত চিষ্টিন চেপেলৰ ওপৰেৰে বগা ধোঁৱা ওলাই আহে আৰু এয়াই নতুন পোপ নিৰ্বাচনৰ সংকেত দিলে। ভোটত তেওঁ জয়লাভ কৰে। ১৯৫৫ চনত ইলিনয়চৰ চিকাগোত জন্মগ্ৰহণ কৰিছিল ৰবাৰ্ট প্ৰিভোষ্টে।

প্ৰিভোষ্টে পেনচিলভেনিয়াৰ ভিলানোভা বিশ্ববিদ্যালয়ৰ পৰা গণিতত স্নাতক ডিগ্ৰী লাভ কৰে আৰু চিকাগোৰ কেথলিক থিয়লজিকেল ইউনিয়নৰ পৰা ধৰ্মতত্ত্বত ডিপ্লমা লাভ কৰে। পিছলৈ তেওঁক পন্টিফিকেল চেণ্ট থমাছ একুইনাছ বিশ্ববিদ্যালয়ত কেনন আইন অধ্যয়ন কৰিবলৈ ৰোমলৈ পঠিওৱা হয় আৰু ১৯৮২ চনৰ জুন মাহত পুৰোহিত হিচাপে নিযুক্তি দিয়া হয়। কোৱা হয় যে আমেৰিকাৰ অপৰিসীম বিশ্ব ৰাজনৈতিক প্ৰভাৱৰ বাবে কাৰ্ডিনেল নিৰ্বাচকসকলে আমেৰিকাৰ পৰা পোপ বাছনি কৰাৰ পৰা সদায় আঁতৰি আহিছে। এইবাৰ তেওঁলোকে এয়া ভুল প্ৰমাণ কৰিলে।

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কলেজ অৱ কাৰ্ডিনেলছৰ প্ৰথমজন আমেৰিকান পোপ চিকাগোৰ কাৰ্ডিনেল ৰবাৰ্ট প্ৰিভোষ্টক নিৰ্বাচিত কৰাত আনন্দ উদযাপন কৰে। তেওঁ কয় যে এয়া দেশৰ বাবে এক বৃহৎ সন্মান। আনহাতে লিঅ’ই তেওঁক পোপ হিচাপে বাছি লোৱাৰ বাবে তেওঁৰ কাৰ্ডিনেল ভাতৃসকলক ধন্যবাদ জনাইছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande