কৰাচী, ০৯ মে’ (হি.স.)। চুবুৰীয়া ৰাষ্ট্ৰ ভাৰতৰ সৈতে বৃদ্ধি পোৱা সামৰিক সংঘৰ্ষৰ বাবে দেশৰ তিনিটা প্ৰধান বন্দৰ- কৰাচী, কাছিম আৰু গ্ৱাদাৰত পাকিস্তানে হাই এলাৰ্ট জাৰি কৰিছে। লগতে ইয়াত মাছ ধৰাৰ ক্ষেত্ৰত সাময়িক নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
দ্য নেচন কাকতে প্ৰকাশ কৰা অনুসৰি সতৰ্কতামূলক ব্যৱস্থা হিচাপে বৃহস্পতিবাৰে সাগৰত থকা সকলো মাছ ধৰা নাও আৰু ট্ৰলাৰ পুনৰ আহ্বান কৰা হয়। হাই এলাৰ্ট উঠাই নোলোৱালৈকে মাছ ধৰা নিষেধাজ্ঞা বাহাল থাকিব। মাছমৰীয়াসকলক সাগৰত খোজ পেলোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে বিষয়াসকলে। বিষয়াসকলে কয় যে সকলো ডাঙৰ বন্দৰতে নিৰাপত্তা কটকটীয়া কৰা হৈছে।
हिन्दुस्थान समाचार / Monoj Kumar Saikia