কাঠমাণ্ডু, ০৯ মে’ (হি.স.)। পাকিস্তানৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা সন্ত্ৰাসবাদ বিৰোধী কাৰ্যক ন্যায্যতা প্ৰদান কৰিছে নেপালৰ সৰ্ববৃহৎ ৰাজনৈতিক দল নেপালী কংগ্ৰেছে।
ভাৰত আৰু পাকিস্তানৰ যুদ্ধ আৰম্ভ হোৱাৰ পিছত দলটোৰ বিশেষ বৈঠক আহ্বান কৰা হয় য’ত নেপালী কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেৱে এটা প্ৰস্তাৱ গৃহীত কৰে। গৃহীত প্ৰস্তাৱটোত ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আৰম্ভ কৰা কাৰ্যক ন্যায্যতা প্ৰদান কৰা হৈছে আৰু ই ভাৰতৰ সমৰ্থনত থিয় দিয়া বুলি কোৱা হৈছে।
নেপালী কংগ্ৰেছৰ মুখপাত্ৰ ড০ প্ৰকাশ শৰণ মহতে কয় যে ভাৰতে বৰ্তমান সন্ত্ৰাসবাদৰ বিৰুদ্ধে যি সামৰিক অভিযান চলাই আছে সেয়া আমাৰ দৃষ্টিত সম্পূৰ্ণ ন্যায্য। নেপালী কংগ্ৰেছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে গ্ৰহণ কৰা সকলো কাৰ্যক শুদ্ধ বুলি গণ্য কৰে।
দলৰ মুখপাত্ৰগৰাকীয়ে কয় যে ভাৰতৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সম্পূৰ্ণ অধিকাৰ আছে আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াত নেপালী কংগ্ৰেছে সদায় ভাৰতৰ সমৰ্থনত থিয় দিছে। পাকিস্তানে সন্ত্ৰাসবাদৰ প্ৰচাৰক গৰিহণা দি নেপালী কংগ্ৰেছে এনে কাৰ্যকলাপ বন্ধ কৰিবলৈ দাবী জনাইছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া