মস্কো, ০৮ মে’ (হি.স.)। দ্বিতীয় বিশ্বযুদ্ধত জাৰ্মানীৰ বিৰুদ্ধে ছোভিয়েট ইউনিয়নৰ বিজয় উদযাপন কৰিবলৈ সাজু হৈছে সমগ্ৰ ৰাছিয়া। এই বিজয় দিৱসৰ ৮০ বছৰীয়া জয়ন্তীত ২৯খন দেশৰ ৰাষ্ট্ৰপ্ৰধানসকলে ৯ মে’ত মস্কোৰ ৰঙা চৌহদত অনুষ্ঠিত হ’বলগীয়া বিজয় পেৰেডত অংশ ল’ব। পেৰেডৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং। ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ আমন্ত্ৰণত ক্ৰেমলিনত উপস্থিত হৈছে ছি জিনপিং।
ৰাছিয়াৰ সংবাদ সংস্থা টাছ (TASS)ৰ মতে, ৰাছিয়া আৰু চীনৰ ৰাষ্ট্ৰপতিৰ মাজত মুখামুখিকৈ সাক্ষাৎ হ’ব। ইয়াৰ পিছত দুয়োখন দেশৰ প্ৰতিনিধি দলৰ মাজত বিতং আলোচনা হোৱাৰ সম্ভাৱনা আছে। ক্ৰেমলিনৰ প্ৰেছ চাৰ্ভিচৰ মতে, ৰাষ্ট্ৰপ্ৰধানসকলে ইউক্ৰেইন সংঘাত আৰু ৰাছিয়া-আমেৰিকাৰ সম্পৰ্ককে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰিব। চলিত বৰ্ষৰ আৰম্ভণিৰ পৰা এইটোৱেই হ’ব তৃতীয়খন নেতাৰ মাজত বাৰ্তালাপ। জানুৱাৰী মাহত দুয়োজনে ভিডিঅ’ কনফাৰেন্সৰ বৈঠক অনুষ্ঠিত কৰিছিল আৰু ফেব্ৰুৱাৰীৰ শেষৰ ফালে ফোনত কথা পাতিছিল।
ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ আল ছিছিও আজি বিজয় দিৱসত অংশগ্ৰহণৰ বাবে মস্কোলৈ ৰাওনা হৈছে বুলি তেওঁৰ কাৰ্যালয়ে এক বিবৃতিত প্ৰকাশ কৰিছে। আল ইউম আছ-ছাবিয়া নিউজ ৱেবছাইটৰ মতে, বিবৃতিটোত কোৱা হৈছে যে ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ আল চিছিয়ে ৯ মে’ত বিজয় দিৱস উদযাপনত অংশগ্ৰহণ কৰিবলৈ গ্ৰীচৰ ৰাজধানী এথেন্সৰ পৰা মস্কোলৈ ৰাওনা হয়। আল চিছিৰ এই ভ্ৰমণ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ আমন্ত্ৰণত অনুষ্ঠিত হৈছে।
টাছৰ তথ্য অনুসৰি মস্কোৱে ২৯খন দেশৰ ৰাষ্ট্ৰপতিসকলক বিজয় পেৰেডত আদৰণি জনাব। ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো, চীনৰ নেতা ছি জিনপিং আৰু ভিয়েটনামৰ কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক ট'লামৰ উপৰিও আজাৰবাইজান, আৰ্মেনিয়া, বেলাৰুছ, কাজাখস্তান, কিৰ্গিস্তান, তাজিকিস্তান, আবখাজিয়া, বছনিয়া, হাৰ্জেগোভিনা, ব্ৰাজিল, বুৰ্কিনা ফাচো, ভেনিজুৱেলা, ভিয়েটনাম, গিনি-বিছাউ, জিম্বাবুৱে, কংগো, কিউবা, লাওছ, মংগোলিয়া, ম্যানমাৰ, পেলেষ্টাইন, ছাৰ্বিয়া, শ্লোভাকিয়া, ইকুৱেটৰিয়েল গিনি, ইথিওপিয়া আৰু দক্ষিণ অচেটিয়া উপস্থিত থাকিব।
ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সহায়ক ইউৰি উছাকোভে কয় যে ভাৰত, নিকাৰাগুয়া আৰু দক্ষিণ আফ্ৰিকাক উল্লেখযোগ্যভাৱে উচ্চ পৰ্যায়ত প্ৰতিনিধিত্ব কৰা হ’ব। দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাৰ ৮০ বছৰীয়া জয়ন্তী উপলক্ষে উদযাপনৰ বাবে ছেপ্টেম্বৰ মাহত পুটিনে বেইজিঙলৈ যাব পাৰে। ৰাছিয়াৰ ৰাজধানীত ২৯খন দেশৰ নেতাৰ আগমনে বিশ্বৰ মঞ্চত ৰাছিয়াৰ ক্ৰমবৰ্ধমান প্ৰভাৱ প্ৰতিফলিত কৰিছে। ইফালে পুটিনে শুকুৰবাৰে এই অনুষ্ঠানৰ বাবে চীন, ব্ৰাজিল আৰু অন্যান্য ৰাষ্ট্ৰপতিসকলক আতিথ্য প্ৰদান কৰিব ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া