- অবৈধ অনুপ্ৰৱেশকাৰীৰ বাবে ঠাই নাইঃ মুখ্যমন্ত্ৰী
গুৱাহাটী, ০৪ ফেব্ৰুৱাৰী (হি.স.)। অবৈধ অনুপ্ৰৱেশৰ চেষ্টাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি শ্ৰীভূমি আৰক্ষীয়ে দুজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰি সীমান্তৰ সিপাৰে প্ৰেৰণ কৰে। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে এই তথ্য শ্বেয়াৰ কৰে।
আটকাধীন অনুপ্ৰৱেশকাৰী কেইজন মুহিদা বিবি আৰু মহম্মদ কৌছাৰ বুলি চিনাক্ত কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
তেওঁ স্পষ্টকৈ কয় যে কোনো অবৈধ অনুপ্ৰৱেশকাৰীক অসমত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া