লামডিঙত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ 
লামডিঙত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ ৷
লামডিঙত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ 


হোজাই, ০৩ ফেব্ৰুৱাৰী (হি.স.): লামডিং আৰক্ষীৰ গোপন অভিযানত লামডিং-লংকা সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা কালি দেওবাৰে সন্ধিয়া ২ কোটি ৫০ লাখ টকাৰ নিচাজাতীয় টেবলেট জব্দ কৰা হয় ৷ অভিযানত আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰী সৰৱৰাহ কৰা নগাঁৱৰ দুজন যুৱকক আটক কৰিছে ৷

আটোকাধীন দুজন যুৱক ক্ৰমে ভাস্কৰ চৰকাৰ আৰু ইয়াচিৰ আলি বুলি পৰিচয় পোৱা গৈছে ৷ উল্লেখযোগ্য যে ডব্লিউবি ৭৪ এডব্লিউ ০৮৮৯ নম্বৰ বাহনেৰে নগাঁৱৰ পৰা লামডিং অভিমুখে আহাৰ সময়তে ৰাষ্ট্ৰীয় ঘাই পথত নিচাজাতীয় সমগ্ৰী সহ দুয়োকে আটক কৰে আৰক্ষীয়ে ৷ অভিযানত আৰক্ষীয়ে ৪৯,২৪৭টা টেবলেট (SPS Plus) জব্দ কৰিছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande