টিপকাই আৰক্ষীৰ অভিযানত ১৯টা চোৰাং গৰুসহ ১২জনকৈ সৰবৰাহকাৰী আটক
টিপকাই আৰক্ষীৰ অভিযানত ১৯টা চোৰাং গৰুসহ ১২জনকৈ সৰবৰাহকাৰী আটক।
টিপকাই আৰক্ষীৰ অভিযানত ১৯টা চোৰাং গৰুসহ ১২জনকৈ সৰবৰাহকাৰী আটক


কোকৰাঝাৰ, ০৬ এপ্ৰিল (হি.স.): কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাত এতিয়াও সক্ৰিয় হৈ আছে চোৰাং গৰু চক্ৰ। যোৱা কালি দেওবাৰে নিশা টিপকাই আৰক্ষীৰ অভিযানত ১৯টা চোৰাং গৰুসহ ১২জনকৈ সৰবৰাহকাৰী আটক কৰা হৈছে । দৈবিনীৰ জংগলৰ পৰা চোৰাং গৰুসহ আটক সৰবৰাহকাৰী কেইটা।

পশ্চিম বংগৰ পৰা পৰ্বতঝোৰা জংগলৰ মাজেদি ধুবুৰী হৈ বাংলাদেশলৈ সৰবৰাহৰ চেষ্টা চলাইছিল চোৰাং গৰু চক্ৰটোৱে । ধৃত সৰ্বৰাহকাৰী কেইটা ক্ৰমে বিজয় মুণ্ডা, নিখিল চোৰেন, অনিল মুর্মূ, জাপান টুডু, নাগুৱা মুণ্ডা, মঙ্গল টুডু, লিডা টুডু, মগল হাসদা, সুনীল টুডু, হাফিজুল আলী, ধন ৰাম ব্ৰহ্ম, মনোজ ব্ৰহ্ম বুলি পৰিচয় পোৱা গৈছে। সৰবৰাহকাৰী কেইটাক আটক কৰি অধিক তথ্যৰ বাবে মাৰাথন জেৰা অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande