গোলকগঞ্জ আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ আটক দুই সৰবৰাহকাৰী
গোলকগঞ্জ আৰক্ষী আৰু SST Team ৰ ড্ৰাগছ বিৰোধী অভিযান।
গোলকগঞ্জ আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ আটক দুই সৰবৰাহকাৰী


ধুবুৰী, ০৪ এপ্ৰিল (হি.স.): ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষী আৰু এছএছটি দল (SST Team)–এ ড্ৰাগছ বিৰোধী অভিযান চলায় । অভিযানত ড্ৰাগছ সহ আটক কৰিলে দুজন সৰবৰাহকাৰীক। সৰবৰাহকাৰী দ্বয়ৰ নাম ইমদাদ উল্লাহ হক আৰু নুৰ ইছলাম বুলি কোৱা হৈছে ।

প্ৰাপ্ত তথ্য মতে যোৱা কালি শুকুৰবাৰে আবেলি এক গোপন সূত্ৰৰ আধাৰত গোলকগঞ্জ আৰক্ষীয়ে গোলকগঞ্জৰ দলঙৰ কাষত চলাইছিল অভিযান।অভিযানত এএছ ২১ এম ৪৩২৯ নম্বৰৰ হি'ৰ স্প্লেন্ডাৰ বাইক আটক কৰে। পিছত বাইক চালক ছাইফুল ইছলাম (৩৩) আৰু আৰোহী ইমদাদুল্লা হকক তালাচী চলাই হেলমেটৰ ভিতৰত লুকাই অনা ৫ টাকৈ সন্দেহযুক্ত ব্ৰাউন ছুগাৰৰ ভৰ্তি কন্টেনাৰ উদ্ধাৰ কৰে। আটকাধীন সৰবৰাহকাৰী দুজনৰ ঘৰ গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ বেৰভাঙীত বুলি জনা গৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande