
মানকাচৰ, ০৫ এপ্ৰিল (হি.স.)। দক্ষিণ শালমাৰাত চোৰং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান।ফকিৰগঞ্জ থানাৰ আৰক্ষীয়ে ৭টা চোৰাং গৰু সহ তিনিজন চোৰাং সৰবৰাহকাৰীক জেল হাজতলৈ প্ৰেৰণ।একে দিনাই দক্ষিণ শালমাৰা থানাৰ আৰক্ষীয়ে চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলাই চাৰিটাকৈ চোৰাং গৰু জব্দ কৰে৷
উল্লেখ্য যে দক্ষিণ শালমাৰা আৰক্ষী জিলাৰ ফকিৰগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অৰূপ জ্যোতি ৰায়ৰ নেতৃত্বত আৰক্ষী দলে গোপন সুত্ৰৰ ভিত্তিত অভিযান চলাই অসমৰ পৰা অবৈধ ভাবে কোনো নথিপত্ৰ নোহোৱাকৈ মেঘালয় ৰাজ্যলৈ সৰবৰাহ কৰি থকাৰ সময়ত হাতেনাটে ৭ টাকৈ চোৰাং গৰু সহ মনোৱাৰ হুচেইন (৫৫), আব্দুল আজিজ(৫০), আঅজাৰ আলী (৫৫) মুঠ তিনিজনক গ্ৰেপ্তাৰ কৰে৷
আৰক্ষীয়ে উক্ত অভিযুক্ত তিনিজনৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰি ধুবুৰী ন্যায়ালয়লৈ প্ৰেৰণ কৰে৷ লগতে দক্ষিণ শালমাৰা আৰক্ষীয়েও মুটাখোৱা চৰ অঞ্চলত অভিযান চলাই চাৰিটাকৈ চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ