গুৱাহাটী, ০৪ ফেব্ৰুৱাৰী (হি.স.)। গুৱাহাটীৰ বশিষ্ঠ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকৰ নেতৃত্বত আৰক্ষীয়ে ২৪ ঘণ্টাৰ ভিতৰতে চুৰি হোৱা স্কুটিখন উদ্ধাৰ কৰি দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে।
ধৃত অভিযুক্ত দুজন সোণাপুৰৰ বাসিন্দা মনদীপ কোঁৱৰ ওৰফে ৰোহন (২৪) আৰু ডামুন ৰাভা ওৰফে বাবু ওৰফে ডিংকোল (৩০) বুলি পৰিচয় পোৱা গৈছে। জেৰাৰ সময়ত মনদীপ কোঁৱৰে ডামুন ৰাভাৰ নাম প্ৰকাশ কৰে, তাৰ পিছতে আৰক্ষীয়ে তেওঁকো গ্ৰেপ্তাৰ কৰে।
তেওঁলোকৰ তথ্যৰ ভিত্তিত যোগদলৰ কাৰ্বি দেহাল মন্দিৰৰ সমীপৰ পৰা এএছ ০১ ইএক্স ১৬৭৩ নম্বৰৰ চুৰি স্কুটি খন উদ্ধাৰ হয়। স্কুটিখনৰ গৰাকী ডিম্পি বৰ্মন বুলি চিনাক্ত কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া