নাওজান ৩ নং নৱবেতনিত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ এজনক গ্ৰেপ্তাৰ
নাওজান ৩ নং নৱবেতনিত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ এজনক গ্ৰেপ্তাৰ ৷
নাওজান ৩ নং নৱবেতনিত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ এজনক গ্ৰেপ্তাৰ


গোলাঘাট, ০৩ ফেব্ৰুৱাৰী (হি.স.): সৰুপথাৰ সম জিলাৰ অন্তৰ্গত নাওজান ৩ নং নৱবেতনিত আজি বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ এজনক গ্ৰেপ্তাৰ কৰা হৈছে ৷ ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ নাম ৰাজু আলী বুলি জানিব পৰা গৈছে ৷ মুঠ ১০ টা চাবোনৰ বাকচত অনা সন্দেহযুক্ত ১০৫.৭৩ গ্ৰাম হেৰই'ন জব্দ কৰা হৈছে ৷

ইফালে পলায়ন কৰিবলৈ চেষ্টা কৰা ধৃত ৰাজু আলীক ধৰিবলৈ শূন্যলৈ গুলীচালনা কৰে আৰক্ষীয় ে৷ স্থানীয় ৰাইজৰ সহযোগত গোলাঘাট আৰক্ষীয়ে নাওজান আৰক্ষীৰ সহযোগত খেদি খেদি কৰায়ত্ত কৰে ড্ৰাগছ বেপাৰীটোক৷

উল্লেখ্য় যে এএছ ০৪ এক্স ৩২৮৭ নম্বৰৰ এখন স্কুটীত আনিছিল ড্ৰাগছখিনি ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande