জোহান্সবাৰ্গ, ০৩ ফেব্ৰুৱাৰী (হি.স.)। কংগো গণতান্ত্ৰিক গণৰাজ্যৰ নিৰাপত্তা পৰিস্থিতিৰ অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত কিনছাছাত থকা ভাৰতীয় দূতাবাসে বুকাভুত বাস কৰা সকলো ভাৰতীয় নাগৰিকক তৎক্ষণাত সুৰক্ষিত স্থানলৈ যাবলৈ পৰামৰ্শ দিছে।
দূতাবাসে এক পৰামৰ্শত কয় যে এম ২৩ বিদ্ৰোহী গোটটোৱে বুকাভুৰ পৰা মাত্ৰ ২০-২৫ কিলোমিটাৰ দূৰত্বত আগবাঢ়িছে, যাৰ ফলত তাত পৰিস্থিতি আৰু অধিক সংবেদনশীল হৈ পৰিছে। এই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় নাগৰিকসকলক অতি সোনকালে সুৰক্ষিত স্থানলৈ যাবলৈ কোৱা হৈছে।
দূতাবাসে জৰুৰীকালীন অৱস্থাত যোগাযোগৰ বাবে হেল্পলাইন নম্বৰ (+২৪৩ - ৮৯০০২৪৩১৩) আৰু ইমেইল আইডি প্ৰদান কৰিছে। লগতে ভাৰতীয় নাগৰিকসকলক সজাগ হৈ থাকিবলৈ আৰু ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ কঠোৰ পৰামৰ্শ দিয়া হৈছে।
এই পৰামৰ্শত এই কথাও স্পষ্ট কৰি দিয়া হৈছে যে বৰ্তমান বিমানবন্দৰ, সীমান্ত আৰু বাণিজ্যিক পথ মুকলি, যাৰ ফলত ভাৰতীয় নাগৰিকে নিৰাপদ স্থানত উপনীত হ’ব পাৰে।
নতুন দিল্লীত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালৰ মতে, প্ৰায় ১০০০ ভাৰতীয় নাগৰিক গোমাত বাস কৰে, যাৰ অধিকাংশই সংঘাত আৰম্ভ হোৱাৰ লগে লগে নিৰাপদ স্থানলৈ গুচি গৈছিল। ইয়াৰ উপৰিও ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানৰ অধীনত কংগোত প্ৰায় ১২০০ ভাৰতীয় সৈন্যই সেৱা আগবঢ়াই আছে।
ভাৰতীয় দূতাবাসে অহৰহ পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু প্ৰয়োজন সাপেক্ষে নাগৰিকক সাহায্য প্ৰদান কৰিবলৈ সাজু হৈ আছে। নাগৰিকসকলক সজাগ হৈ থাকিবলৈ আৰু অপ্ৰয়োজনীয় বিপদ গ্ৰহণ নকৰিবলৈ আহ্বান জনোৱা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া