গোলাঘাট, ১৭ ফেব্ৰুৱাৰী (হি.স.): গোলাঘাট আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। এক গোপন সুত্ৰৰ ভিত্তিত যোৱাকালি দেওবাৰে নিশা গোলাঘাট আৰক্ষীয়ে গোলাঘাটৰ দুটাকৈ স্থানত অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছসহ মহিলাসহ তিনি ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে।
গোলাঘাটৰ ৩ নং ৰে'ল গেটৰ সমীপৰ এটা ঘৰত অভিযান চলাই জব্দ কৰিছে ৮.৭৩ গ্ৰাম ওজনৰ হেৰ’ইনৰ ৯টা কন্টেইনাৰৰ লগতে এটা মোবাইল হেণ্ডচেট সহ গ্ৰেপ্তাৰ কৰে মহিলাসহ এজন বেপাৰীক। ইপিনে, আন এজন পেডলাৰক বেঙেনাখোৱা চাৰিআলিত আটক কৰা হয়।তালাচীৰ সময়ত কাগজত মেৰিয়াই থোৱা অৱস্থাত ১৯টা সৰু আকাৰৰ পেকেট আৰু হেৰ’ইনৰ এটা কন্টেইনাৰসহ মুঠ ৪.১৬ গ্ৰাম হেৰইন জব্দ কৰা হয়। লগতে ২টা মোবাইল হেণ্ডছেটো জব্দ কৰা হয়। ঘটনা সন্দৰ্ভত ইতিমধ্যে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ