গোলকগঞ্জ আৰক্ষীৰ জালত নাবালিকা নিৰ্যাতনকাৰী সহিদুৰ ৰহমান
গোলকগঞ্জ আৰক্ষীৰ জালত নাবালিকা নিৰ্যাতনকাৰী সহিদুৰ ৰহমান (27)।
গোলকগঞ্জ আৰক্ষীৰ জালত নাবালিকা নিৰ্যাতনকাৰী সহিদুৰ ৰহমান


ধুবুৰী, ০৩ মাৰ্চ (হি.স.): ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষীৰ জালত পৰিছে সহিদুৰ ৰহমান (২৭) নামৰ নাবালিকা নিৰ্যাতনকাৰীটো। পৰহি সন্ধিয়াৰ ভাগত এগৰাকী হিন্দু নাবালিকা কিশোৰীক নিৰ্যাতন চলাই কৰিছিল পলায়ন। পিছত কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে গোলকগঞ্জ থানাত এজাহাৰ দাখিল কৰে।

ইফালে এজাহাৰ পোৱা মাত্ৰকেই গোলকগঞ্জ আৰক্ষীয়ে লম্পট সহিদুৰ ৰহমান বিচাৰি অভিযান আৰম্ভ কৰে। কিন্তু লম্পট সহিদুৰ ৰহমানে ঘনে ঘনে নিজৰ স্থান পৰিবৰ্তন কৰি আহিছিল। অৱশেষত কালি সন্ধিয়াৰ ভাগত এক নিৰ্ভৰযোগ্য সুত্ৰৰ আধাৰত গোলকগঞ্জ আৰক্ষীয়ে বিলাসীপাৰাত অভিযান চলাই লম্পট সহিদুৰ ৰহমানক আটক কৰিবলৈ সক্ষম হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande