ছইফ আলী খানৰ পুত্ৰ ইব্ৰাহিম আলী খানে অভিনয় জগতত প্ৰৱেশ কৰিবলৈ ওলাইছে তেওঁৰ প্ৰথম ছবি ‘নাদানিয়া’ৰ জৰিয়তে। এই ছবিখনত খুশী কাপুৰক তেওঁৰ সৈতে দেখা যাব, এইখন খুশীৰ তৃতীয়খন ছবি। ইয়াৰ পূৰ্বে তেওঁ ‘আৰ্চিছ’ আৰু ‘লভেয়াপা’ত অভিনয় কৰিছে। শেহতীয়াকৈ মুক্তি পোৱা ‘নাদানিয়া’ৰ দ্বিতীয়টো গীত ‘গলতফহমী’, য’ত দেখা গৈছে ইব্ৰাহিম আৰু খুছিৰ সুন্দৰ কেমেষ্ট্ৰী।
তুষাৰ যোশী, মধুবন্তী বাগচী আৰু শচীন-জিগাৰৰ সুৰীয়া কণ্ঠত গোৱা ‘নাদানিয়া’ৰ ‘গলতফহমী’ৰ দ্বিতীয়টো গীতৰ সুন্দৰ গীতৰ কথা অমিতাভ ভট্টাচাৰ্যই ৰচনা কৰিছে। ছবিখনত ইব্ৰাহিম আলী খানে নয়দাৰ মধ্যবিত্ত পৰিয়ালৰ এজন কঠোৰ পৰিশ্ৰমী ল’ৰাৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে খুশী কাপুৰক দিল্লীৰ এগৰাকী সাহসী ছোৱালী পিয়াৰ চৰিত্ৰত দেখা যাব।
অচিৰেই মুক্তি পাবলৈ গৈ আছে ‘নাদানিয়া’ ছবিখন অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত। শৌনা গৌতমৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখন ধৰ্ম প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া