পেৰিছ ফেশ্বন উইকত দেখা গৈছে দীপিকাৰ মনোমোহা ৰূপ
কিছু মাহ পূৰ্বে অভিনেত্ৰী দীপিকা পাডুকনে জন্ম দিছিল এটি মৰমিয়াল কন্যা সন্তান। ছোৱালীজনীৰ নাম আছিল দুয়া। কন্যাৰ জন্মৰ পিছত এতিয়া পুনৰ ফিট হৈ পৰিছে দীপিকা। পেৰিছ ফেশ্বন উইকৰ ছবি আপলোড কৰিছে তেওঁ। আইফেল টাৱাৰৰ সন্মুখত ফটোশ্বুট এটা অতি ষ্টাইলিছ লুকত ক
दीपिका - फोटो सोर्स ऑनलाइन


কিছু মাহ পূৰ্বে অভিনেত্ৰী দীপিকা পাডুকনে জন্ম দিছিল এটি মৰমিয়াল কন্যা সন্তান। ছোৱালীজনীৰ নাম আছিল দুয়া। কন্যাৰ জন্মৰ পিছত এতিয়া পুনৰ ফিট হৈ পৰিছে দীপিকা। পেৰিছ ফেশ্বন উইকৰ ছবি আপলোড কৰিছে তেওঁ। আইফেল টাৱাৰৰ সন্মুখত ফটোশ্বুট এটা অতি ষ্টাইলিছ লুকত কৰিছে দিপিকাই। এই সন্দৰ্ভত ৰণবীৰ সিঙৰ মন্তব্যই দৃষ্টি আকৰ্ষণ কৰিছে।

শেহতীয়াকৈ দীপিকা পাডুকনে লুই ভিটন পেৰিছ ফেশ্বন উইকত অংশগ্ৰহণ কৰিছিল, য’ত তেওঁৰ লুকটো অতি ষ্টাইলিছ আৰু আকৰ্ষণীয় দেখা গৈছিল। বগা অভাৰচাইজ ব্লেজাৰ, ব্ৰিটিছ ষ্টাইলৰ টুপী, ক’লা লেগিংছ আৰু হিলৰ সৈতে তাইৰ লুকটোক ক্লাছি টাচ দিলে। দীপিকাৰ এই ফটোশ্বুটটো এটা ছাদৰ ওপৰত হৈছিল, য’ত পটভূমিত আইফেল টাৱাৰ স্পষ্টকৈ দেখা গৈছিল।

দীপিকাৰ এই পোষ্টক লৈ অনুৰাগীয়ে মন্তব্যৰ বৰষা কৰিছে যদিও তেওঁৰ স্বামী ৰণবীৰ সিঙৰ মন্তব্যই আটাইতকৈ বেছি দৃষ্টি আকৰ্ষণ কৰিছিল। ৰণবীৰে ধেমালিতে লিখিছে, ভগৱান মোৰ ওপৰত দয়া কৰক। মাতৃ হোৱাৰ পিছত দীপিকাক ৰাজহুৱা স্থানত খুব কমেইহে দেখা যায়, কিয়নো বৰ্তমান তেওঁ মাতৃত্বৰ সম্পূৰ্ণ আনন্দ লাভ কৰি আছে। ৰণবীৰ আৰু দীপিকাই এতিয়াও অনুৰাগীক নিজৰ কন্যাৰ আভাস দেখুওৱা নাই, যাৰ বাবে অনুৰাগীৰ কৌতুহল আৰু অধিক বৃদ্ধি পাইছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande