হিন্দী চিনেমাৰ প্ৰবীণ অভিনেত্ৰী নীনা গুপ্তাক শেষবাৰৰ বাবে অনুপম খেৰৰ সৈতে ‘কাগাজ ২’ ছবিত দেখা গৈছিল, য’ত তেওঁৰ অভিনয়ৰ প্ৰশংসা লাভ কৰিছিল যদিও ছবিখনে বক্স অফিচত ভাল প্ৰদৰ্শন নকৰিলে। এতিয়া নীনাক অতি সোনকালে তেওঁৰ নতুন ছবি ‘আচাৰী বা’ত দৰ্শকক মনোৰঞ্জন দিয়া দেখা যাব। এই ছবিখন পৰিচালনা কৰিছে হাৰ্দিক গজ্জাৰে।
‘আচাৰী বা’ৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ লগে লগে দৰ্শকৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে। নীনা গুপ্তাৰ উজ্জ্বল অভিনয়ক ৰাইজে প্ৰশংসা কৰিছে। ট্ৰেইলাৰটো শ্বেয়াৰ কৰি মেকাৰসকলে লিখিছে, ‘বাৰ ৰেচিপি: সপোন, সাহস আৰু বহুত মছলা।’ অহা ১৪ মাৰ্চত অ’টিটি প্লেটফৰ্ম জিঅ’ হটষ্টাৰত ষ্ট্ৰীমিংৰ বাবে উপলব্ধ হ’ব ছবিখন। এই ছবিখনত নীনা গুপ্তাৰ উপৰিও মানসী ৰাছ, কবীৰ বেদী, বটশাল শেঠ আৰু বন্দনা পাঠককো গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব।
‘আচাৰী বা’ৰ উপৰিও নীনা গুপ্তাক অতি সোনকালে দেখা যাব ‘বধ ২’ ছবিত। ২০২২ চনত মুক্তি পোৱা ছবি ‘বধ’ৰ ছিকুৱেল, য’ত সঞ্জয় মিশ্ৰেও মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিখন পৰিচালনা কৰিছে জছপাল সিং সন্ধু আৰু ৰাজীৱ বৰ্ণৱালে। ইয়াৰ কাহিনীও এই দুজনে লিখিছে। প্ৰথমখন ছবি ‘বধ’ৰ কাহিনী ঘূৰি আছে এহাল নিৰীহ দম্পতীক, যিয়ে পৰিস্থিতিৰ বাবে এনে এটা অপৰাধ কৰিবলৈ বাধ্য হয় যিটো তেওঁলোকে কেতিয়াও কল্পনাও কৰা নাছিল। এতিয়া ‘বধ ২’ত কাহিনীটোৱে কোনটো পাক ল’ব সেয়া চাবলৈ আগ্ৰহী হ’ব।
हिन्दुस्थान समाचार / Monoj Kumar Saikia