বিখ্যাত পৰিচালক বিশাল ভৰদ্বাজ আৰু অভিনেতা শ্বাহিদ কাপুৰৰ যুটিয়ে আকৌ এবাৰ ডাঙৰ পৰ্দাক জোকাৰিবলৈ সাজু হৈছে। ইয়াৰ পূৰ্বে দুয়োজনে একেলগে ‘কমিনে’, ‘হাইদৰ’ আৰু ‘ৰংগুন’ৰ দৰে মহান ছবিত কাম কৰি দৰ্শকে অতিশয় শলাগ লাভ কৰিছিল। এতিয়া দুয়ো একেলগে আহি আছে সাজিদ নাদিয়াদৱালাই প্ৰযোজনা কৰি থকা ‘অৰ্জুন উস্তাৰা’ ছবিখনত। এই ছবিখনত শ্বাহিদ কাপুৰৰ সৈতে মুখ্য চৰিত্ৰত দেখা যাব তৃপ্তী ডিমৰীক। শেহতীয়াকৈ বিশাল ভৰদ্বাজে ছবিখন সন্দৰ্ভত এটা ডাঙৰ আপডেট শ্বেয়াৰ কৰিছে। এই আটাইতকৈ প্ৰত্যাশিত ছবিখনৰ বিষয়ে তেওঁ বিশেষ মন্তব্য কৰে।
শেহতীয়াকৈ এটা সাক্ষাৎকাৰত পৰিচালক বিশাল ভৰদ্বাজে কয় যে ‘অৰ্জুন উস্তাৰা’ৰ শ্বুটিং পূৰ্ণগতিত চলি আছে। তেওঁ কয়, শ্বাহিদ আৰু মই আকৌ এবাৰ একেলগে কাম কৰিবলৈ পাই অতিশয় উৎসাহিত হৈছো। ছবিখনৰ শ্বুটিং অতি উজ্জ্বলভাৱে আগবাঢ়িছে।
বিশালে তৃপ্তী ডিমৰি আৰু নানা পাটেকাৰক বহুত প্ৰশংসা কৰিছিল। তেওঁ কয়, তৃপ্তী এগৰাকী অত্যন্ত প্ৰতিভাশালী অভিনেত্ৰী আৰু তেওঁৰ সৈতে কাম কৰাটো এটা ডাঙৰ অভিজ্ঞতা আছিল। নানা পাটেকাৰৰ সৈতে এইটো মোৰ প্ৰথম প্ৰজেক্ট আৰু এতিয়া মই ভাবিছোঁ যে মই তেওঁৰ সৈতে আগতে কিয় কাম কৰা নাছিলো!
যোৱা বছৰ ছবিখনৰ কথা ঘোষণা কৰি পৰিচালক বিশাল ভৰদ্বাজে কৈছিল, মোৰ প্ৰিয় বন্ধু তথা মেধাৱী প্ৰযোজক সাজিদ নাদিয়াদৱালাৰ সৈতে আকৌ এবাৰ কাম কৰি মই অত্যন্ত ৰোমাঞ্চিত হৈছো। শ্বাহিদ আৰু তৃপ্তি এই ছবিখনৰ অংশ হোৱাটো এক প্ৰকৃত আনন্দৰ কথা।
এই ছবিখনত প্ৰথমবাৰৰ বাবে একেলগে দেখা যাব শ্বাহিদ কাপুৰ আৰু তৃপ্তী ডিমৰীক। ডাঙৰ পৰ্দাত এই নতুন যুটিটো দেখি অনুৰাগীসকল অতিশয় উৎসাহিত হৈছে। অহা ৫ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব ‘অৰ্জুন উস্তাৰা’।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া