
লক্ষীমপুৰ, ০৪ ডিচেম্বৰ (হি.স.): লক্ষীমপুৰ জিলাৰ বান্দৰদেৱাত বান্দৰদেৱা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া আগ বাহাদুৰ থাপা আৰু আৰক্ষী উপ পৰিদৰ্শক দুলুমনি বৰাৰ নেতৃত্বত বুধবাৰে বিয়লি প্ৰায় পাঁচ মান বজাত যোৱা আৰক্ষীৰ দলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই ড্ৰাগছ সহ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।
গোপন সূত্ৰৰ পম খেদি বান্দৰদেৱা আৰক্ষীয়ে এই অভিযান চলাইছিল। অভিযানৰ সময়ত আৰক্ষীয়ে অৰুণাচল প্ৰদেশৰ নাহৰলগুনৰ দুজন ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে জ’ৰাম পোনা (৪০) আৰু টাও নাইকোম (৫৯) তথা লক্ষীমপুৰৰ গোপী নগৰৰ অৰুণাচল নিবাসী ৰাকেশ দাসক ড্ৰাগছসহ গ্ৰেপ্তাৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
তেওঁলোকৰ হাতৰ পৰা গাড়ীত ভৰাই অনা ৪১ টা কন্টেইনাৰত ৭২.৪৩ গ্ৰাম সন্দেহজনক হেৰ’ইন জব্দ কৰা হৈছে। লগতে সৰবৰাহকাৰী দলটোৱে ব্য়ৱহাৰ কৰা এআৰ ০১ ইউ ২৫৪৮ নম্বৰৰ মাৰুতি বেলিন’ বাহন আৰু তিনিটা মোৱাইল ফোন জব্দ কৰিবলৈ সক্ষম হয় ৷ এই সন্দৰ্ভত বান্দৰদেৱা আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্ত অব্যাহত ৰাখিছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ