
যোৰহাট, ০৩ ডিচেম্বৰ (হি.স.): যোৰহাট চহৰৰ মাজ মজিয়াত আজি এটা ড্ৰাগছ সৰবৰাহকাৰী আটক কৰা হয়| যোৰহাট সদৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়াৰ নেতৃত্বত অহা এটা দলে চহৰৰ মাজ মজিয়াৰ ডাক ঘৰৰ সমীপত আটক কৰে মাধুৰ্য্য জ্যোতি নাথ নামৰ ড্ৰাগছ সৰবৰাহকাৰী যুৱক জনক |
যোৰহাট মিঠাপুখুৰীৰ মাধুৰ্য্য তৰাজান ২ নং সোণাৰী গাঁৱত ভাড়াতীয়া হিচাপে আছিল | জানিব পৰা মতে এএছ ১২ এ ই ২৯৭৪ নম্বৰৰ এখন স্কুটীত লৈ আহিছিল ড্ৰাগছৰ দুটা কন্টেইনাৰ | আৰক্ষীয়ে ড্ৰাগছ সমূহৰ লগতে স্কুটী, মোবাইল আৰু নগদ ধন জব্দ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ