ধৰ্ষণৰ অভিযোগত আটক দুই নাবালক
ধৰ্ষণৰ অভিযোগত আটক দুই নাবালক।
ধৰ্ষণৰ অভিযোগত আটক দুই নাবালক


নগাঁও, ০৩ ডিচেম্বৰ (হি.স.): নগাঁও জিলাৰ চামগুৰিত নাবালিকাক ধৰ্ষণৰ অভিযোগত যোৱা কালি মঙলবাৰে বিয়লি আটক হয় দুই যুৱক।চামগুৰিৰ গেৰুৱা মুখৰ কলঙৰ পাৰত দুয়োজন ধৰ্ষণ কাণ্ডত জড়িত থকাৰ অভিযোগ উঠিছে । আটকাধিন দুই অভিযুক্তক লৈ খাটোৱাল আৰক্ষীৰ তদন্ত অব্যাহত আছে।

আটক হোৱা দুই অভিযুক্তৰ ভিতৰত এজন নাবালক বুলি স্পষ্ট হোৱাৰ অন্যহাতে বৰ্তমানেও অন্য জন অভিযুক্তৰ প্ৰকৃত বয়স জানিব পৰা নাই আৰক্ষীয়ে। বয়সক লৈ বিবুদ্ধিত পৰিছে খাটোৱাল আৰক্ষী। দুয়োৰে ঘৰ চামগুৰিৰ বাজীয়া গাঁৱত বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত খাটোৱাল আৰক্ষী থানাত ৰুজু হোৱা গোচৰ নম্বৰ ৪৭/২০২৫ নম্বৰ অনুসৰি আটক কৰে দুয়ো অভিযুক্তক।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande