লালুক আৰক্ষীৰ অভিযানত আটক দুই নকল সোণ সৰবৰাহকাৰী
লালুক আৰক্ষীৰ অভিযান।
লালুক আৰক্ষীৰ অভিযানত আটক দুই নকল সোণ সৰবৰাহকাৰী


লক্ষীমপুৰ, ০৩ ডিচেম্বৰ (হি.স.): লক্ষীমপুৰৰ লালুক আৰক্ষীৰ অভিযানত আটক হৈছে দুই নকল সোণ সৰবৰাহকাৰী। গোপন খবৰৰ ভিত্তিত যোৱা কালি মঙলবাৰে বিয়লি লালুক আৰক্ষীৰ অভিযানত কৰায়ত্ত হয় । নকল সোণ সৰবৰাহকাৰী দুটা।

আৰক্ষীৰ জালত পৰা নকল সোণ সৰবৰাহকাৰী দুটা মহিদুল ইছলাম আৰু হাচিনুৰ ৰহমান বুলি জানিব পৰা গৈছে । লগতে ধৃতদ্বয়ৰ পৰা উদ্ধাৰ কৰা হৈছে নগদ ৮০ হাজাৰ টকা। জানিব পৰামতে, তেজপুৰত বহিঃৰাজ্যৰ এটা পৰিয়ালক নকল সোণ দি ৮০ হাজাৰ টকা প্ৰৱঞ্চনা কৰি ফুকন দলনীৰ ঘৰ অভিমুখে আছিল ধৃত প্ৰৱঞ্চক দুটা। দলহাটৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত লালুক আৰক্ষীয়ে অভিযান চলাই নগদ ধনসহ কৰায়ত্ত কৰে দুয়োকে। এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্য়াহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande