জৰাজীৰ্ণ বাঁহৰ সাঁকোৰে দৈনিক বিপদসংকুল যাতায়ত ৰৌমাৰি-বৰকুৰ গাওঁ পঞ্চায়তৰ ৰাইজৰ
ত্ৰিশ বছৰে সুচল পথৰ পৰা বঞ্চিত বৰকুৰৰ ৰাইজ।
জৰাজীৰ্ণ বাঁহৰ সাঁকোৰে দৈনিক বিপদসংকুল যাতায়ত ৰৌমাৰি-বৰকুৰ গাওঁ পঞ্চায়তৰ ৰাইজৰ


–প্ৰায়ে সংঘটিত হয় সৰু-বৰ দুৰ্ঘটনা, বিপদত নাই এম্বুলেন্স অহাৰ ৰাস্তা

–নিৰ্বাচনৰ পূৰ্বে পথ আৰু দলঙৰ কাম নকৰিলে ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ

দৰং, ১৬ ডিচেম্বৰ (হি.স.): দৰং জিলাৰ দলগাঁও-শিয়ালমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত নৱ গঠিত ৰৌমাৰি-বৰকুৰ গাওঁ পঞ্চায়তৰ পশ্চিম বৰকুৰ গাঁৱত বৰ্তমানলৈ চৰকাৰী আঁচনিৰ পৰা ৰাইজ উপকৃত নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে। নিৰ্বাচনৰ ঋতুত জন প্ৰতিনিধিৰ মন্তব্যত কৃত্ৰিমতাৰ প্ৰলেপ সানি সহজ সৰল ভোটাৰৰ চকুত আঁকি দিয়ে কেৱল উন্নয়নৰ ছবি। প্ৰতিশ্ৰুতিৰ বন্যাত বিগত ত্ৰিশ বছৰে যমৰ-যাতনা ভুগিছে দলগাঁৱৰ বৰকুৰ গাঁৱৰ ৰাইজ। এখন জহি-খহি যোৱা বাঁহৰ সাঁকোৰে দৈনিক আহ-যাহ কৰিছে স্থানীয় ৰাইজ, শিক্ষাৰ্থীয়ে।

ইফালে বেমাৰত ৰোগী ল'বলৈ এম্বুলেন্স অহাৰ নাই ৰাস্তা। বৰকুৰৰ পৰা দলগাঁও সংযোগী পথটোৱে সংযুক্ত কৰিছে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ। ধৰণীপুৰ, ইছলামপুৰ, পশ্চিম বৰকুৰ গাওঁ আদিকে ধৰি বৃহৎ অঞ্চলৰ মানুহৰ যাতায়তৰ বাবে এইটোৱেই মুখ্য পথ। কিন্তু পথটোত আছে দুটা বৃহৎ বৃহৎ নলা। পাৰ হ'বৰ বাবে ৰাইজে গাঁঠিৰ ধনেৰে নিৰ্মান কৰিছে বাঁহৰ সাঁকো। সময়ে সময়ে জহি-খহি যোৱাত দুৰ্ঘটনা সংঘটিত হয় পথচোৱাত। আনকি জৰাজীৰ্ণ সাঁকোৰ পৰা পৰি মৃত্যু হোৱাৰ নজিৰ আছে এই অঞ্চলত। বাৰিষাত গাড়ী-মটৰ দূৰৰ কথা খোজ কাঢ়ি যোৱাও কঠিন। খৰালিতো সুচল নহয় যাতায়াত। বিধায়ক হোৱাৰ পিছতে পথটো নিৰ্মান কৰি দিব বুলি প্ৰতিশ্ৰুতি দিছিল মজিবুৰ ৰহমানে। এতিয়া কাৰ্যকাল শেষৰ দিশত- সম্প্ৰতিও পথচোৱাত এচপৰা মাটি নপৰাত ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে বৰকুৰৰ ৰাইজৰ মাজত। বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে পথচোৱা তথা দলঙৰ কাম সম্পন্ন নকৰিলে সমূহ ৰাইজে ভোট বৰ্জন কৰাৰ হুংকাৰ দিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande