কাজলগাঁৱত নৱনিৰ্মিত বড়ো মিউজিয়াম গৃহৰ উদঘাটন
চিৰাং, ১৬ ডিচেম্বৰ (হি.স.)। বড়ো ৰাইটাৰছ একাডেমীৰ উদ্যোগত চিৰাং জিলা সদৰ কাজলগাঁৱত নৱনিৰ্মিত বড়ো মিউজিয়াম গৃহৰ উদঘাটন কৰা হয় । আজিৰ এই বড়ো মিউজিয়ামৰ শুভ উদ্বোধন কৰে বিটিচিৰ বনবিভাগৰ কাৰ্য্যবাহী সদস্য পানীৰাম ব্ৰহ্মই। বড়ো জনগোষ্ঠীয় লোক সকলৰ
কাজলগাঁৱত নৱনিৰ্মিত বড়ো মিউজিয়াম গৃহৰ উদঘাটন


চিৰাং, ১৬ ডিচেম্বৰ (হি.স.)। বড়ো ৰাইটাৰছ একাডেমীৰ উদ্যোগত চিৰাং জিলা সদৰ কাজলগাঁৱত নৱনিৰ্মিত বড়ো মিউজিয়াম গৃহৰ উদঘাটন কৰা হয় । আজিৰ এই বড়ো মিউজিয়ামৰ শুভ উদ্বোধন কৰে বিটিচিৰ বনবিভাগৰ কাৰ্য্যবাহী সদস্য পানীৰাম ব্ৰহ্মই।

বড়ো জনগোষ্ঠীয় লোক সকলৰ দৈনন্দিন জীৱনত ব্যবহৃত পৰম্পৰাগত সা-সামগ্ৰীৰ পৰা আৰম্ভ কৰি প্ৰচলিত বাদ্যযন্ত্ৰ, হস্ততাঁত, হস্তশিল্প আদি এই মিউজিয়ামত সংৰক্ষণ কৰাৰ ব্যবস্থা কৰা হৈছে । ক্ৰমবৰ্দ্ধমান আধুনিক জীৱনশৈলী কৱলত পৰি বড়ো সকলৰ পৰম্পৰাগত বহু সা-সামগ্ৰী বিলুপ্তিৰ গৰাহৰ গুচি গৈছে ।

বড়ো সকলৰ সেইপৰম্পৰাগত দৈনন্দিন জীৱনত ব্যবহৃত সা-সামগ্ৰী সমূহ সংৰক্ষণ কৰি এই মিউজিয়ামত ৰখাৰ ব্যবস্থা কৰা হৈছে আৰু নতুন প্ৰজন্মই যাতে আহি তেওঁলোকৰ পৰম্পৰাগত সা-সামগ্ৰীখিনি চাবলৈ পায় আৰু চিনাকী হোৱা সুযোগ কৰে বুলি মন্তব্য কৰে বড়ো ৰাইটাৰছ একাডেমীৰ সভাপতি ৰাজেন বসুমতাৰী আৰু বিটিচিৰ বনবিভাগৰ কাৰ্য্যবাহী সদস্য পানীৰাম ব্ৰহ্মই।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande