
শিৱসাগৰ, ১৬ ডিচেম্বৰ (হি.স.)। এইখন এখন মহাদুৰ্বল চাৰ্জ চীট আৰু মাত্ৰ প্ৰহসন। চাৰ্জ চীটখন পঢ়াৰ পাছত মই এটা কথা নিশ্চিত যে জুবিন দাই এইখন চাৰ্জ চীটৰ জৰিয়তে কেতিয়াও ন্যায় নাপায়। এছ আই টিয়ে দাখিল কৰা জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জ চীটৰ বিসংগতিৰ সন্দৰ্ভত সংবাদমেল অখিল গগৈৰ। চাৰ্জ চীটৰ প্ৰতিলিপি সহ সংবাদমেলত তথ্য দাঙি ধৰে। তথ্য সহকাৰে চাৰ্জ ছীটৰ দুৰ্বলতা আৰু বিসংগতি দাঙি ধৰিলে অখিল গগৈয়ে।
ছিংগাপুৰলৈ যোৱা এছ আই টিৰ বিষয়া কেইজনে মৃত্যু সন্দৰ্ভত কোনো তথ্য গোটাব নোৱাৰিলে। এছ আই টিয়ে মাত্ৰ ছিংগাপুৰৰ সাগৰৰ পৰা ৫০০ মিলিলিটাৰ পানী লৈ আহিছে লগতে এছ আই টিৰ মুৰব্বী আৰু আই পি এছ তৰুণ গোৱেলে জুবিন গাৰ্গৰ মৃত্যু হোৱা স্থানৰ এটা ভিডিঅ লৈ এখন মেপ বনাইছে। সমগ্ৰ চাৰ্জ চীটখনত ছিংগাপুৰৰ মাত্ৰ এই দুটাই তথ্য। এছ আই টিয়ে ছিংগাপুৰৰ পৰা এইকেইটা তথ্যই সংগ্ৰহ কৰি আনিছে। যিখন য়টৰ পৰা জুবিন গাৰ্গে জপিয়াইছিল সেই য়টখন জব্দ কৰিব লাগিছিল। য়টৰ কেপ্টেইন আৰু তাত উপস্থিত থকা ব্যক্তিৰ চি চি টি ভি ফুটেজ কিয় সংগ্ৰহ নকৰিলে বুলি প্ৰশ্ন কৰে চৰকাৰক।
জুবিন গাৰ্গক চিকিৎসা প্ৰদান কৰা এম্বুলেন্স খনৰ দলটো , মৰোনোত্তৰ পৰীক্ষা সম্পাদন কৰা চিকিৎসক কেইজনৰ ভাষ্য গ্ৰহণ কৰা নহল। জুবিন গাৰ্গে নিশা কটোৱা হোটেলখনৰ কোঠাটো ছীল কিয় কৰা নহল?জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত সকলো নথি পত্ৰ গৰিমা গাৰ্গৰ পৰাহে সংগ্ৰহ কৰা হৈছিল।জুবিন গাৰ্গ মৃত্যুৰ সময়ত কভিদ ১৯ ত ভুগি আছিল। ভাৰতবৰ্ষৰ সবাতোতকৈ ডাঙৰ যিটো ধাৰা সেই ধাৰাটো প্ৰমাণ কৰিবৰ বাবে মাত্ৰ আধালিটাৰ সাগৰৰ পানী আৰু মাত্ৰ এটা ভিডিঅ এছ আই টিয়ে সংগ্ৰহ কৰিলে । এইখন মাত্ৰ তেৰটা পৃষ্ঠাৰ এখন চাৰ্জ চীট। বাকীখিনিৰ একো কাম নাই ।তেৰ পৃষ্ঠাৰ ভিতৰতো মাত্ৰ ৮ বা ৯ পেজ মানহে প্ৰকৃততে চাৰ্জ চীটখনত আছে। মুখ্যমন্ত্ৰীয়ে চাৰ্জ চীটখন বাৰহাজাৰ পৃষ্ঠাৰ বুলি কৈছিল। সিদ্ধাৰ্থ শৰ্মাৰ বিষয়ে চাৰ্জ চীট কেৱল মদ খুৱাই জুবিন গাৰ্গক সাতুৰিবলৈ দিয়া বুলিহে উল্লেখ আছে। লগতে লাইফ জেকেট নোহোৱাকৈ সাতুৰিবলৈ দিয়াৰ এটা অভিযোগো চাৰ্জ চীটখনত আছে। জুবিন গাৰ্গৰ মৃত্যুৰ জৰিয়তে সিদ্ধাৰ্থ শৰ্মাই টকা আত্মসাৎ কৰিব বিচাৰিছিল ।
জুবিন গাৰ্গৰ টকাৰে সিদ্ধাৰ্থ শৰ্মাই মহাবীৰ একুৱা আৰু হোটেল হেৰিটেজ খুলিছিল। সিদ্ধাৰ্থ শৰ্মাই মানুহজন সাতোৰাত বাধা থকা বুলি জনাৰ পাছতো সাতুৰিবলৈ উচতনি প্ৰদান কৰিছিল। শ্যামকানু মহন্তৰ বিৰুদ্ধে জুবিন গাৰ্গে মদ খোৱাৰ বাধা থকা বুলি জানিও এটা মদৰ বটল যোগান ধৰিছিল।অমৃতপ্ৰভাৰ জৰিয়তে একেটা কোঠাত জুবিন গাৰ্গক মদ খোৱাৰ ব্যৱস্থা কৰিছিল শ্যামকানু মহন্তই। য়ট পাৰ্টি আয়োজন কৰা সকলক জুবিন গাৰ্গৰ স্বাস্থ্য সন্দৰ্ভত থকা বাধা নিষেধ জনোৱা নাছিল । সকলো জানিও শ্যামকানু মহন্তই পাৰ্টিটো বাতিল কৰা নাছিল। শ্যামকানু মহন্তই জুবিন গাৰ্গৰ স্বাস্থ্য সম্বন্ধীয় কোনো ব্যৱস্থাই গ্ৰহণ কৰা নাছিল।ছিংগাপুৰত থকা প্ৰবাসী অসমীয়া কেইজনক বচাবৰ বাবে চাৰ্জ চীটত জুবিন গাৰ্গৰ স্বাস্থ্য সম্বন্ধে থকা বাধা নিষেধ নজনোৱা বুলি উল্লেখ কৰি তেওঁলোকক বচাই দিয়া হল। ঘটনা সংঘটিত হোৱা স্থানত তদন্ত নকৰাকৈ কেনেকৈ দোষীৰ শাস্তি হব । তদন্তৰ নামত মাত্ৰ এটা বটল পানী আনি ভেকোভাওনা কৰিলে। ছিংগাপুৰত এছ আই টিৰ মূৰব্বী মুন্না প্ৰসাদ গুপ্তা আৰু আই পি এছ । ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজন কৰা পবিত্ৰ মাৰ্ঘেৰিটা আৰু ছিংগাপুৰস্থিত ভাৰতীয় দূতাবাসৰ পৰা কোনো ধৰণৰ ভাষ্য সংগ্ৰহ কৰা নহল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ