
গোলাঘাট, ১৬ ডিচেম্বৰ (হি.স.)। গোলাঘাটৰ খুমটাইৰ নভেটাত ভয়ংকৰ ঘটনা। বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজন লোকৰ।
জানিব পৰা অনুসৰি বন্যহস্তীৰ জাকে এগৰাকী বৃদ্ধক অতৰ্কিতে আক্ৰমণ কৰে। ফলত লোকজনৰ মৃত্যু হয়। নিহত ব্যক্তিজনৰ নাম দেহীৰাম শইকীয়া বুলি জানিব পৰা গৈছে। হাতীৰ জাকটো এটা দিশৰ পৰা খেদি আহি থাকোঁতে বৃদ্ধ ব্যক্তি জনৰ মুখামুখি হয় হাতীৰ জাকটো। বনৰীয়া হাতীয়ে লগে লগে দেহীৰাম শইকীয়াক আক্ৰমণ কৰে আৰু এই আক্ৰমণতে লোকজনৰ মৃত্যু হয়। এই ঘটনাৰ পিছত অঞ্চলটোত শোকৰ ছা পৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা