
কোকৰাঝাৰ, ১৬ ডিচেম্বৰ (হি.স.)। উন্নয়নৰ বাৰ্তালৈ পৰ্বতঝোৰাত উপস্থিত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী। একেদিনাই দুটাকৈ পথৰ শিলান্যাস হাগ্ৰামা মহিলাৰীৰ। অসম মালা আঁচনিৰ অধীনত নিৰ্মান হব লগা বগৰীবাৰী পৰা মহামায়া মন্দিৰহৈ টিপকাই সংযোগী পথ (দৈর্ঘ্য ১৫.৯১০ কিমি)
আৰু টিপকাই গোসাঁইগাঁও সংযোগী পথৰ (দৈর্ঘ্য ১০.৬৫০ কিমি ) শিলান্যাস কৰে বিটিচি ৰ মুখ্য কাৰ্য্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে। আজিৰ এই পথৰ শিলান্যাস কাৰ্য্যসূচীত হাগ্ৰামা মহিলাৰীক সংগ দিয়ে পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ পাৰিষদ তথা বিটিচি পৰিষদীয় চৰকাৰৰ নগৰ উন্নয়ন বিভাগৰ ইএম মুন মুন ব্ৰহ্ম।
শিলান্যাস কাৰ্যসূচীত ইউ পি পি এল দল আৰু প্রমোদ বড়ো তীব্ৰ সমালোচনা হাগ্ৰামা মহিলাৰীৰ। প্রমোদ বড়োক সমালোচনা কৰি কয় যে প্রমোদ বড়ো উন্নয়ন কৰা মানুহ নহয়,অকল টকা খোৱাৰ ধান্তাত ব্যস্ত আছিল।প্রমোদ বড়োৰ দিনতেই অবন্টন হোৱা উন্নয়নমূলক কাম নকৰিলে বাবে আজি প্ৰায় এটা বছৰ পাছত মই উদ্বোধন কৰি লগা হৈছে।
আগন্তক বিধানসভা নিৰ্বাচনত এনডিএ হিচাপে কমেও ১০০ খন আসন পাব বুলি দাবী হাগ্ৰামা মহিলাৰীৰ। ইউ পি পি এল বৰ্তমান এন ডি এ ত থাকিলেও,নথকা নিচিনাহৈ আছে বুলি এক তাৎপাৰ্য্যপূৰ্ণ মন্তব্য আগবঢ়ায় বিটিচি প্ৰধান গৰাকীয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা