দেৰগাঁৱৰ এটা পথৰ দুৰৱস্থা
দেৰগাঁৱৰ এটা পথৰ দুৰৱস্থা।
দেৰগাঁৱৰ এটা পথৰ দুৰৱস্থা


গোলাঘাট, ১৬ ডিচেম্বৰ (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁৱৰ এটা পথৰ দুৰৱস্থাই জ্বলা কলা খুৱাইছে পথচাৰিক বা অন্যান্য লোক সকলক। চাৰিও ফালে কেৱল ধূলি আৰু ধূলি। অতি ব্যস্ত আৰু বিভিন্ন শিক্ষা অনুষ্ঠানলৈ শিক্ষাৰ্থী আৰু কণ কণ ছাত্র ছাত্ৰী সকলে মাস্ক পৰিধান কৰি বা মুখত সোপা দি অহা যোৱা কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে।

পথচাৰীসকলৰ অভিযোগ মতে বিগত দুবছৰতকৈও অধিক দিন অৰ্ধনির্মিত অৱস্থাত আছে এই পথছোৱা। দেৰগাঁও লাহতি চাৰি আলিৰ পৰা নাৰীকলগুৰি সংযোগী পথৰ নিৰ্মাণৰ কাম আধাতে স্থগিত ৰখা দুবছৰতকৈও অধিক দিন হোৱাকলৈ ক্ষোভিত পথৰ দাঁতিত থকা লোক সকল। ধূলিময় পৰিবেশে আবুৰী পেলাইছে সমগ্ৰহ অঞ্চল। বিগত দিনচোৱা কেৱল মাত্ৰ পানী ঢালি দায়িত্ব সামৰা পৰিলক্ষিত হয় দায়িত্বত থকা কৰ্তৃপক্ষই।

গড়কাপ্তানী বিভাগৰ অধীনত নিৰ্মাণৰ কাম আৰম্ভ কৰা এই পথ চোৱা কিয় অৰ্ধ নিৰ্মিত অৱস্থাত পেলাই থব লগীয়া হৈছে, ইয়াৰ সঠিক উত্তৰ বিচাৰিছে ক্ষোভিত ৰাইজে। দেৰগাঁও গৰকাপ্তানী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাক এই বিষয়লৈ প্ৰশ্ন কৰাত তেওঁ কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande