লেখাপানীত স্বামীৰ দাৰ ঘাপত প্ৰাণ গল পত্নীৰ
তিনিচুকিয়া, ১৩ ডিচেম্বৰ (হি.স.)। লেখাপানী থানাৰ অন্তৰ্গত ৩ নং উদয়পুৰৰ ৰাণা গাঁৱত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ। স্বামীৰ দাৰ ঘাপত প্ৰাণ গল পত্নীৰ। নিহত পত্নী গৰাকীৰ নাম নিতা ছেত্ৰী(৪০)। হত্যাকাৰী স্বামীৰ দেৱী বাহাদুৰ ছেত্ৰী ওৰফে চানু(৪৫) বুলি জ
লেখাপানীত স্বামীৰ দাৰ ঘাপত প্ৰাণ গল পত্নীৰ


তিনিচুকিয়া, ১৩ ডিচেম্বৰ (হি.স.)। লেখাপানী থানাৰ অন্তৰ্গত ৩ নং উদয়পুৰৰ ৰাণা গাঁৱত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ। স্বামীৰ দাৰ ঘাপত প্ৰাণ গল পত্নীৰ। নিহত পত্নী গৰাকীৰ নাম নিতা ছেত্ৰী(৪০)। হত্যাকাৰী স্বামীৰ দেৱী বাহাদুৰ ছেত্ৰী ওৰফে চানু(৪৫) বুলি জানিব পৰা গৈছে। পত্নীক হত্যা কৰি পলায়ন হত্যাকাৰী স্বামী দেৱী বাহাদুৰ ছেত্ৰী।

ইতিমধ্যে ঘটনাস্থলীত লেখাপানী আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। দণ্ডাধীশৰ উপস্থিতিত তদন্ত আৰম্ভ কৰিছে যদিও হত্যা অতি নৃশংস হোৱা হেতুকে ফৰেনচিকৰ দল ঘটনা স্থলীলৈ আহি থকাৰ কথা জানিব পৰা গৈছে। তদন্তৰ খাতিৰত কোনো ব্যক্তি তথা সাংবাদিকক ঘৰৰ ভিতৰলৈ সোমাবলৈ বাধা প্ৰদান কৰা হৈছে। উল্লেখ্য যে হত্যাকাৰী স্বামীয়ে অতি নৃশংস ভাৱে পত্নীক হত্যা কৰি ঘৰৰ ভিতৰৰ পূজা কৰা কোঠাত তলা বন্ধ কৰি পলায়ন কৰে । অৱশেষত হত্যাকাৰী স্বামী জাগুন আৰক্ষী চকীত আত্মসমৰ্পণ কৰা বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande