
কোকৰাঝাৰ, ১৩ ডিচেম্বৰ (হি.স.)। চৰকাৰী আঁচনি ৰূপায়ন কৰা এটা যন্ত্ৰ হ’ল ভিচিডিচি৷ পঞ্চায়তীৰাজৰ সলনি চৰকাৰী আঁচনি সমুহ প্ৰত্যক্ষভাবে কাম কৰিবলৈ বিটিচি এলেকাত ভিচিডিচি সকলৰ ওপৰত দায়িত্ব দিয়াৰ ব্যৱস্থা কৰা হৈছে৷সেই হিচাপত নিৰ্বাচিত নহলেওভিচিডিচি সদস্য সকল একো একোজন সৰু সৰু পৰ্যায়ৰ প্ৰতিনিধি জনে এলেকাৰ ৰাইজৰ প্ৰতিনিধি হিচাপে এলেকাৰ ৰাইজৰ কাৰণে কাম কৰিবলৈ দায়িত্ব আৰু কৰ্তব্য আছে৷
এই বক্তব্য বিধায়ক তথা বিটিচি কাৰ্যবাহী সদস্য ৰবিৰাম নাৰ্জাৰীৰ৷আজি গোসাঁইগাঁও মহকুমাৰ কচুগাঁও বজাৰত ব্লক কমিটিৰ ৰাজহুৱা সভাগৃহত সমষ্টিৰ টিচিএলচিচি আৰু গাঁও পৰিষদ উন্নয়ন সমিতিৰ সভাপতি আৰু সদস্যৰ নিযুক্তিপত্ৰ বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিধায়ক তথা কাৰ্যবাহী সদস্য গৰাকীয়ে প্ৰতিটো উন্নয়ন সমিতিৰ সভাপতি আৰু সদস্য সকল কোনো বিশেষ সম্প্ৰদায় বা জাতি-জনগোষ্ঠী তথা ধৰ্মাৱলম্বীৰ প্ৰতিনিধি বুলি নাভাবি ৰাইজৰ প্ৰতিনিধি হিচাপে কাম কৰিবলৈ আহ্বান জনায়৷
আনকি গৰীব বা দুখীয়া-দৰিদ্ৰ সকলক ৰাজনৈতিক মেৰপেছত আৱদ্ধ নকৰি এগৰাকী ভাৰতীয় নাগৰিক বা বিটিচিৰ নাগৰিক হিচাপে প্ৰাপ্য সুবিধাৰ পৰা যাতে বঞ্চিত নহয় সেই দৃষ্টিৰে জনসাধাৰণক সেৱা কৰিবলৈ আহ্বান জনায়৷সভাত বিধায়ক নাৰ্জাৰীয়ে দলৰ স্বাৰ্থত ভেদাভেদ পাহৰি মানুহৰ সৈতে সু-সম্পৰ্ক স্থাপন, মানুহক মৰম-স্নেহ আদিৰে জৰিয়তে দলৰ ভেটি যাতে দীৰ্ঘস্থায়ী হয় তাৰ বাবেও প্ৰতিনিধি সকলক যত্নপৰ হ’বলৈ আহ্বান জনায়৷ আনহাতে প্ৰতিগৰাকী কৰ্মকৰ্তাই নিজৰ ক্ষুদ্ৰ স্বাৰ্থ ত্যাগ কৰি ৰাইজৰ উন্নয়ন আৰু সমস্যা সমাধানৰ বাবে কাম কৰিলে আগন্তুক দিনত দলৰ ভেটি মজবুত হ’ব বুলি আশা প্ৰকাশ কৰে৷বক্তব্য তেখেতে কৰ্মকৰ্তাএজন কৰ্মকৰ্তাই আনজনৰ বিৰুদ্ধে সমালোচনা বা বিৰুদ্ধাচৰণ নকৰি ৰাইজৰ সেৱা কৰাৰ মনোভাৱ লৈ কাম কৰাৰ মানসিকতাৰে কাম কৰিব লাগিব বুলিও কয়৷দলৰ কৰ্মী বা সভাপতি, সদস্য সকলে আঁচনিৰ নামত দুখীয়া- দৰিদ্ৰ ৰাইজৰ পৰা ধন সংগ্ৰহ, ঠিকাদাৰী মনোভাৱ লৈ কাম কৰা নকৰি দলৰ হৈ, দলৰ নীতি-আদৰ্শৰ প্ৰতি আনুগত্য, শ্ৰদ্ধাশীল আৰু ভাল-বেয়া আদি বিচাৰ বিবেচনা কৰি কাম কৰিবলৈ আহ্বান জনায়৷
আজিৰ অনুষ্ঠানত কচুগাঁও পৰিষদীয় সমষ্টিৰ টিচিএলচিচি আৰু ভাওৰাগুৰী ভিচিডিচিৰ সভাপতি হিচাপে দীপক নাৰদীপক নাৰ্জাৰীক নিযুক্তিপত্ৰ প্ৰদানৰ উপৰি সদস্য সকলক নিযু পত্ৰ প্ৰদান কৰা হয়৷একেদৰে কচুগাঁও পৰিষদীয় সমষ্টিৰ অধীনত থকা তুলসীবিল, জলেশ্বৰী, তাকামপুৰ, নৰ্থ গংগীয়া, ছাউথ গংগীয়া, কচুগাঁও, বৈৰালী, গাৰ্ডেনপুৰ, গাম্বাৰিবিল, কমলসিং, নবীনগৰ আৰু ৰাইখুংবাৰী ভিচিডিচি সভাপতি আৰু সদস্য সকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়৷আজিৰ অনুষ্ঠান পৰিচালনা কৰে ব্লক কমিটিৰ সভাপতি বনি প্ৰসাদ বড়োই৷সভাত সম্পাদক নৰসিংহ নাৰ্জাৰী, উপসভাপতি মোকবুল হুছেইন সহ কেইবা সহস্ৰাধিক লোকে উপস্থিত থাকে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ