ভেৰগাওঁত কোচ ৰাজবংশী যুৱ আৰু মহিলা সন্মিলনীৰ সপ্তম দ্বি-বাৰ্ষিক অধিবেশনৰ লাইখুঁটা স্থাপন
ওদালগুৰি, ১৩ ডিচেম্বৰ (হি.স.)। ভেৰগাওঁ জিলা কোচ ৰাজবংশী মূল যুৱ আৰু মহিলা সন্মিলনীৰ উদ্যোগত মূৰাদেৱৰ আঞ্চলিক কোচ ৰাজবংশী সন্মিলন আৰু স্থানীয় ৰাইজৰ পূৰ্ণ সহযোগত অহা ৩১ ডিচেম্বৰ আৰু জানুৱাৰী মাহৰ ১ তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হব।
ভেৰগাওঁত কোচ ৰাজবংশী যুৱ আৰু মহিলা সন্মিলনীৰ সপ্তম দ্বি-বাৰ্ষিক অধিবেশনৰ লাইখুঁটা স্থাপন


ওদালগুৰি, ১৩ ডিচেম্বৰ (হি.স.)। ভেৰগাওঁ জিলা কোচ ৰাজবংশী মূল যুৱ আৰু মহিলা সন্মিলনীৰ উদ্যোগত মূৰাদেৱৰ আঞ্চলিক কোচ ৰাজবংশী সন্মিলন আৰু স্থানীয় ৰাইজৰ পূৰ্ণ সহযোগত অহা ৩১ ডিচেম্বৰ আৰু জানুৱাৰী মাহৰ ১ তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হব। স্বৰ্গীয় বাহুৰাম কোচ আৰু স্বৰ্গীয় গোলাপী কোচ সোঁৱৰণী ক্ষেত্ৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সপ্তম দ্বি-বাৰ্ষিক অধিবেশনৰ আজি বৰ্ণিল কাৰ্যক্ৰমণিকাৰে লাইখুঁটা স্থাপন কৰে।উল্লেখ্য যে, উক্ত অনুষ্ঠানত সমূহ কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকৰ উপস্থিতি লগতে ভেৰগাওঁ জিলা কোচ ৰাজবংশী মূল যুৱ আৰু মহিলা সন্মিলনীৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande